Chapter 9: প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ- Class 6 Social Science Complete Study Notes & MCQs

Welcome to Pariksha Assam! This complete study guide for SCERT Class 6 Social Science Chapter 9 “প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ” (Ancient Indian Dynasties and Society), is specially designed for students and aspirants preparing for Assam State Competitive Exams like APSC CCE, ADRE Grade III & IV, Assam Police, and Assam TET.

In this chapter, you will learn about the great ancient kingdoms of India, their rulers, social systems, and cultural developments. The language used in these notes is very simple so that everyone can understand easily. Read these notes carefully and practice the MCQs given below to score high in your exams!

SCERT Class 6 Social Science Chapter 9 প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ

উত্তৰ ভাৰতৰ প্ৰধান ৰাজবংশসমূহ (Major Dynasties of North India)

প্ৰাচীন কালত আমাৰ দেশখন আজিৰ নিচিনাকৈ এখন দেশ হিচাপে নাছিল। ঠাই ভেদে সৰু-সৰু ৰাজ্য কিছুমান আছিল আৰু সেইবোৰ স্থানীয় ৰজাসকলে শাসন কৰিছিল। (In ancient times, our country was not a single nation like today. There were many small kingdoms ruled by local kings.)

1. মৌৰ্য বংশ (Mauryan Dynasty)

উত্তৰ ভাৰতত শাসন কৰিবলৈ আৰম্ভ কৰা প্ৰথমটো শক্তিশালী ৰাজবংশ আছিল মৌৰ্য বংশ। (The Mauryan dynasty was the first powerful dynasty to rule North India.)

প্ৰতিষ্ঠাপক (Founder): চন্দ্ৰগুপ্ত মৌৰ্য (Chandragupta Maurya)। তেওঁক ভাৰতৰ ‘প্ৰথমগৰাকী ঐতিহাসিক সম্ৰাট’ বুলি কোৱা হয়।

কৌটিল্য বা চাণক্য (Kautilya/Chanakya): মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠাত চন্দ্ৰগুপ্তৰ প্ৰধানমন্ত্ৰী কৌটিল্যৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল। তেওঁ প্ৰখ্যাত গ্ৰন্থ ‘অৰ্থশাস্ত্ৰ’ (Arthashastra) ৰচনা কৰিছিল।

ৰাজধানী (Capital): প্ৰথমে ৰাজগৃহ (Rajgriha) আৰু পাছলৈ পাটলিপুত্ৰ (Pataliputra – বৰ্তমানৰ পাটনা)।

মৌৰ্য বংশৰ প্ৰখ্যাত ৰজাসকল (Famous Mauryan Kings):

  1. চন্দ্ৰগুপ্ত মৌৰ্য: আনুমানিক ৩২৪ খ্ৰী.পূ. ৰ পৰা ২৯৭ খ্ৰী.পূ. লৈ (Approx. 324 BC to 297 BC)।
  2. বিন্দুসাৰ (Bindusara): ২৯৭ খ্ৰী.পূ. ৰ পৰা ২৭৩ খ্ৰী.পূ. লৈ (297 BC to 273 BC)।
  3. সম্ৰাট অশোক (Emperor Ashoka): ২৬৮ খ্ৰী.পূ. ৰ পৰা ২৩২ খ্ৰী.পূ. লৈ (268 BC to 232 BC)।

সম্ৰাট অশোকৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য (Important Facts about Ashoka):

  • তেওঁক মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি গণ্য কৰা হয়।
  • বিন্দুসাৰৰ মৃত্যুৰ পিছত ৫ বছৰ ধৰি চলা সিংহাসনকেন্দ্ৰিক সংঘাতৰ বাবে অশোকে ২৬৮ খ্ৰীষ্টপূৰ্বতহে সম্ৰাট হিচাপে স্বীকৃতি পাইছিল।
  • বৌদ্ধধৰ্ম গ্ৰহণ কৰাৰ পাছত তেওঁ ৰাজকীয় খেল চিকাৰ (Hunting) বন্ধ কৰিছিল আৰু জীৱ-জন্তুৰ সুৰক্ষাৰ বাবে বিষয়া নিযুক্ত কৰিছিল। ভাৰতত জৈৱ-বৈচিত্ৰৰ সুৰক্ষাৰ (Protection of biodiversity) হকে সজাগতা সৃষ্টি কৰা তেওঁ প্ৰথম শাসক আছিল।
  • আমাৰ জাতীয় পতাকাত থকা অশোক চক্ৰ (Ashoka Chakra) তেওঁৰ অশোকস্তম্ভৰ পৰা লোৱা হৈছে, য’ত ৪ টা সিংহ আছে।

মৌৰ্য সাম্ৰাজ্যৰ পতন (Decline): ১৮৭ খ্ৰীষ্টপূৰ্বত (187 BC) শেষ মৌৰ্য সম্ৰাট বৃহদ্ৰথক (Brihadratha) তেওঁৰ সেনাপতি পুষ্যমিত্ৰ শৃংগই হত্যা কৰি শৃংগ বংশৰ শাসন আৰম্ভ কৰে।

📌 Visit our main website www.studyblink.com for competitive exam book reviews, exam strategy and pdf download.

2. শৃংগ বংশ (Shunga Dynasty)

প্ৰতিষ্ঠাপক (Founder): পুষ্যমিত্ৰ শৃংগ (Pushyamitra Shunga)। সাধাৰণতে ৰজাসকল ক্ষত্ৰিয় আছিল যদিও তেওঁ এজন ব্ৰাহ্মণ আছিল।

শাসনকাল (Ruling Period): এই বংশই প্ৰায় ১১২ বছৰ শাসন কৰিছিল আৰু খ্ৰী.পূ. ৭৫ ত পতন ঘটিছিল।

শেষ ৰজা (Last King): দেৱভূতি বা দেৱভূমি (Devabhuti)।

3. কণ্ব আৰু চেদী বংশ (Kanva and Chedi Dynasties)

  • কণ্ব বংশ (Kanva Dynasty): শৃংগ মন্ত্ৰী বসুদেৱে (Vasudeva) শেষ ৰজা দেৱভূতিক সিংহাসনচ্যুত কৰি কণ্ব বংশ স্থাপন কৰে (খ্ৰী.পূ. ৭৫ ৰ পৰা খ্ৰী.পূ. ৩০ লৈ)।
  • চেদী বা চেত বংশ (Chedi Dynasty): খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাত কলিংগ (বৰ্তমানৰ উৰিষ্যাত) অঞ্চলত মহামেঘবাহন (Mahameghavahana) নামৰ ৰজাই এই বংশ প্ৰতিষ্ঠা কৰে।

4. গুপ্ত বংশ (Gupta Dynasty)

উত্তৰ ভাৰতত শাসন কৰা আন এটা শক্তিশালী ৰাজবংশ আছিল গুপ্ত বংশ।

প্ৰতিষ্ঠাপক (Founder): শ্ৰীগুপ্ত (Sri Gupta)।

প্ৰথম শক্তিশালী ৰজা (First Powerful King): প্ৰথম চন্দ্ৰগুপ্ত (Chandragupta I – ৩১৯-৩২০ খ্ৰীষ্টাব্দ পৰা ৩৩৫ খ্ৰীষ্টাব্দ)।

শ্ৰেষ্ঠ ৰজা (Greatest King): সমুদ্ৰগুপ্ত (Samudragupta – ৩৩৫ খ্ৰী.াব্দৰ পৰা ৩৮০ খ্ৰী.াব্দলৈ)।

অন্যান্য ৰজা: দ্বিতীয় চন্দ্ৰগুপ্ত (৩ ৮০-৪১২ খ্ৰী.াব্দ), প্ৰথম কুমাৰগুপ্ত আৰু স্কন্দগুপ্ত।

গুপ্ত বংশৰ পতন (Decline of Gupta Dynasty): ষষ্ঠ শতিকাৰ (6th Century) মাজভাগত গুপ্ত সাম্ৰাজ্যৰ সম্পূৰ্ণ পতন হয় বুলি অনুমান কৰা হয়।

SCERT Class 6 Social Science Chapter 9 প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ
AI Generated Image- Ancient Indian Dynasties & Society

প্ৰাচীন কালত উত্তৰ ভাৰতৰ শাসন আৰু সমাজ ব্যৱস্থা (Administration and Society in North India)

মৌৰ্য শাসন ব্যৱস্থা (Mauryan Administration)

  • সম্ৰাট প্ৰশাসনৰ মুৰব্বী আছিল।
  • উচ্চ পদবীধাৰী বিষয়াসকলক ‘অমাত্য‘ (Amatya) বোলা হৈছিল, আৰু তেওঁলোকৰ মাজৰ পৰাই মন্ত্ৰী নিয়োগ কৰা হৈছিল। অশোকৰ দিনত তেওঁলোকক ‘মহামন্ত্ৰী‘ বোলা হৈছিল।
  • বিভাগীয় দায়িত্বত থকা বিষয়াসকলক ‘অধ্যক্ষ‘ (Adhyaksha) বোলা হৈছিল।

গুপ্ত শাসন ব্যৱস্থা (Gupta Administration)

  • গুপ্তসকলৰ সবাতোকৈ গুৰুত্বপূৰ্ণ বিষয়া আছিল ‘মহামাত্যসকল’ (Mahamatyas)।
  • সাম্ৰাজ্যখনক ‘ভুক্তি’ (Bhukti) নামৰ প্ৰদেশত ভাগ কৰা হৈছিল যাৰ দায়িত্বত থকা বিষয়াজনক ‘উপৰিকা’ (Uparika) বোলা হৈছিল।
  • ভুক্তিসমূহক জিলা বা ‘বিষয়’ ত (Vishaya) ভাগ কৰা হৈছিল যাৰ দায়িত্বত আছিল ‘বিষয়পতি‘ (Vishayapati)।

সমাজ ব্যৱস্থা (Society)

  • মৌৰ্য সমাজব্যৱস্থা বৰ্ণ-জাতি ব্যৱস্থাৰ (Caste System) আলমত গঢ়ি উঠিছিল। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ আছিল প্ৰধান বৰ্ণ। প্ৰধান জীৱিকা আছিল কৃষি-কৰ্ম।
  • গুপ্ত যুগত ব্ৰাহ্মণসকলৰ স্থান সৰ্বোচ্চ আছিল আৰু মাটিৰ এক মালিকশ্ৰেণীৰ সৃষ্টি হৈছিল। ‘অস্পৃশ্যতা’ (Untouchability) নামৰ কুপ্ৰথা বৃদ্ধি পাইছিল।

প্ৰাচীন কালত ভাৰতলৈ অহা বিদেশী পৰ্যটকসকল (Foreign Travelers):

  • মেগাস্থেনিছ (Megasthenes):
    • গ্ৰীক ৰজা চেলুকাচে চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভালৈ পঠোৱা দূত।
    • তেওঁ ‘ইণ্ডিকা’ (Indica) গ্ৰন্থ ৰচনা কৰিছিল।
  • ফা-হিয়ান (Fa-Hien): দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত অহা চীনা তীৰ্থযাত্ৰী।
  • হিউৱেন-চাং (Hiuen Tsang):
    • হৰ্ষবৰ্ধন আৰু কুমাৰ ভাস্কৰবৰ্মনৰ ৰাজত্বকালত অহা চীনা পৰিব্ৰাজক।
    • তেওঁ ‘চি-ইউ-কী’ (Si-Yu-Ki) গ্ৰন্থ ৰচনা কৰিছিল।

দক্ষিণ ভাৰতৰ প্ৰধান ৰাজবংশ (Major Dynasties of South India)

মৌৰ্যসকলৰ সময়তে দক্ষিণ ভাৰতত কেইটামান ৰাজবংশই গা-কৰি উঠিছিল।

  • পাণ্ড্য বংশ (Pandya Dynasty): তামিলনাডুৰ কিছু অংশত শাসন কৰিছিল। ৰাজধানী আছিল মাডুৰাই (Madurai)। ৰোমান সম্ৰাট আগষ্টাছৰ ৰাজসভালৈ কটকী পঠিয়াইছিল।
  • চোল বংশ (Chola Dynasty): শাসনৰ মূল কেন্দ্ৰ আছিল উৰাইয়ুৰ (Uraiyur) আৰু ৰাজধানী আছিল তামিলনাডুৰ কাবেৰীপট্টনম (Kaveripattinam)। তেওঁলোকে কপাহী কাপোৰৰ ব্যৱসায় কৰিছিল।
  • চেৰা বংশ (Chera Dynasty): পাণ্ড্যসকলৰ পশ্চিম আৰু উত্তৰ দিশত শাসন কৰিছিল আৰু এই অঞ্চলক ‘কেৰেলা’ বুলি জনা গৈছিল।
  • সাতবাহন বংশ (Satavahana Dynasty): এওঁলোকক ‘অন্ধ্ৰ’ (Andhra) বুলিও জনা গৈছিল (খ্ৰী.পূ. প্ৰথম শতিকাৰ পৰা তৃতীয় খ্ৰীষ্টাব্দলৈ শাসন কৰিছিল)।
  • চালুক্য বংশ (Chalukya Dynasty): প্ৰথম পুলকেশীয়ে (Pulakeshin I) ‘বাদামী’ক (Badami) ৰাজধানী হিচাপে লৈ কৰ্ণাটকত এই বংশ প্ৰতিষ্ঠা কৰে।
  • পল্লৱ বংশ (Pallava Dynasty): প্ৰথম প্ৰখ্যাত ৰজা আছিল সিংহবিষ্ণু (Simhavishnu) আৰু ৰাজধানী আছিল কাঞ্চীপুৰম (Kanchipuram)।

দক্ষিণ ভাৰতৰ সমাজ: প্ৰশাসনত মহিলাসকলৰ অংশগ্ৰহণ আছিল। মন্দিৰবোৰে সামাজিক আৰু সাংস্কৃতিক জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। প্ৰধান বৃত্তি আছিল কৃষি কৰ্ম।উত্তৰ-পূব ভাৰতৰ কামৰূপ ৰাজ্য (Kingdom of Kamrup in North-East India)

উত্তৰ-পূব ভাৰতৰ কামৰূপ ৰাজ্য (Kingdom of Kamrup in North-East India)

বৰ্তমানৰ অসম আৰু ইয়াৰ সীমামূৰীয়া এলেকাক প্ৰাচীন কালত প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ নামেৰে জনা গৈছিল।

কিংবদন্তী ৰজা (Legendary Kings): ঐতিহাসিক অসমত ভৌম-নৰক নামৰ দানৱ বংশই ৰাজত্ব কৰিছিল, যাৰ প্ৰথম ৰজা আছিল মহীৰঙ্গ দানৱ আৰু বিখ্যাত ৰজা আছিল নৰকাসুৰ আৰু ভগদত্ত।

বৰ্মন বংশ (Varman Dynasty): প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশ।

  • প্ৰতিষ্ঠাতা: পুষ্যবৰ্মন (Pushyavarman – আনুমানিক ৩৫০ ৰ পৰা ৩৮০ খ্ৰীষ্টাব্দ
  • শ্ৰেষ্ঠ ৰজা: ভাস্কৰবৰ্মন (Bhaskaravarman – আনুমানিক ৫৯৪ ৰ পৰা ৬১০ খ্ৰীষ্টাব্দলৈ । ৫৯৪ খ্ৰীষ্টাব্দত নতুন বছৰ গণনা ‘ভাস্কৰাব্দ‘ (Bhaskarabda) প্ৰচলন কৰে। তেওঁক দুৰ্বলসকলৰ ৰক্ষাকৰ্তা বুলিও কোৱা হৈছিল।
  • প্ৰশাসন আৰু সমাজ: ৰাজ্যখন বিভিন্ন প্ৰশাসনিক গোটত বিভক্ত আছিল যাক ‘বিষয়’ (Vishaya) বুলি জনা গৈছিল। প্ৰাচীন কামৰূপত আদিতে জাতি-বৰ্ণহীন সমাজ আছিল যদিও পাছলৈ ব্ৰাহ্মণসকলে উচ্চ স্থান লাভ কৰে।

📌 SCERT Class 6 Social Science Textbook (Assamese Medium) PDF

প্ৰাচীন ভাৰতত সাহিত্য আৰু সংস্কৃতিৰ বিকাশ (Literature and Culture in Ancient India)

গুপ্ত যুগক সাহিত্য-সংস্কৃতিৰ বিকাশৰ বাবে ‘সোণালী যুগ’ (Golden Age) বুলি অভিহিত কৰা হয়।

প্ৰাচীন ভাৰতৰ উল্লেখযোগ্য গ্ৰন্থ আৰু লেখকসমূহ (Books and Authors):

গ্ৰন্থ (Book/Literature)লেখক (Author)
ৰঘুবংশম, অভিজ্ঞান-শকুন্তলম্, মেঘদূতম্কালিদাস (Kalidasa)
এলাহাবাদ প্ৰশস্তি (প্ৰয়াগৰাজ প্ৰশস্তি)হৰিসেন (Harishena)
মুদ্ৰাৰাক্ষস (Mudrarakshasa)বিশাখাদত্ত (Vishakhadatta)
মৃচ্ছকটিকম্ (Mricchakatika)শূদ্ৰক (Shudraka)
অমৰকোষ (প্ৰথম সংস্কৃত অভিধান)অমৰসিংহ (Amarashimha)
ত্ৰিপিটক (বৌদ্ধ ধৰ্মগ্ৰন্থ – পালি ভাষা)বুদ্ধদেৱৰ শিষ্যসকল
বুদ্ধচৰিত (Buddhacharita)অশ্বঘোষ (Ashvaghosha)
হৰ্ষচৰিত (Harshacharita)বাণভট্ট (Banabhatta)
অৰ্থশাস্ত্ৰ (Arthashastra)কৌটিল্য (Kautilya)

প্ৰাচীন ভাৰতৰ উল্লেখযোগ্য কীৰ্তিচিহ্নসমূহ (Famous Monuments):

কীৰ্তিচিহ্ন (Monument)স্থান (Location)
খাজুৰাহো (Khajuraho)মধ্যপ্ৰদেশ (Madhya Pradesh)
কৈলাশ শিৱ মন্দিৰ (Kailasa Temple, Ellora)মহাৰাষ্ট্ৰ (Maharashtra)
বৃহদেশ্বৰ মন্দিৰ (Brihadisvara Temple)তামিলনাডু (Tamil Nadu)
সূৰ্য মন্দিৰ (Sun Temple)উৰিষ্যা (Odisha)
সাঁচীৰ বৌদ্ধ স্তুপ (Sanchi Stupa)মধ্যপ্ৰদেশ (Madhya Pradesh)

15 Important Practice MCQs (১৫ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ)

1. ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক ‘অশোক চক্ৰ’ ক’ৰ পৰা লোৱা হৈছে? (From where is the Indian national symbol ‘Ashoka Chakra’ taken?)

(A) সাঁচীৰ স্তুপ (Sanchi Stupa)

(B) অজন্তা গুহা (Ajanta Caves)

(C) সম্ৰাট অশোকৰ অশোকস্তম্ভ (Ashoka Pillar of Emperor Ashoka)

(D) কৈলাশ মন্দিৰ (Kailasa Temple)

শুদ্ধ উত্তৰ: (C) সম্ৰাট অশোকৰ অশোকস্তম্ভ (Ashoka Pillar of Emperor Ashoka)

ব্যাখ্যা: আমাৰ দেশৰ জাতীয় পতাকাত থকা অশোক চক্ৰ আৰু মুদ্ৰাবোৰত থকা সিংহৰ প্ৰতীকসমূহ সম্ৰাট অশোকৰ শাসন কালত নিৰ্মাণ কৰা অশোকস্তম্ভৰ পৰা লোৱা হৈছে।

2. প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰথমটো ঐতিহাসিক ৰাজবংশ কি আছিল? (What was the first historical dynasty of the ancient Kamrup kingdom?)

(A) পাল বংশ (Pala Dynasty)

(B) বৰ্মন বংশ (Varman Dynasty)

(C) শালস্তম্ভ বংশ (Salastambha Dynasty)

(D) ভৌম-নৰক বংশ (Bhauma-Naraka Dynasty)

শুদ্ধ উত্তৰ: (B) বৰ্মন বংশ (Varman Dynasty)

ব্যাখ্যা: ভৌম-নৰক এটা কিংবদন্তী দানৱ বংশ আছিল, আনহাতে পুষ্যবৰ্মনৰ দ্বাৰা প্ৰতিষ্ঠিত বৰ্মন বংশ আছিল প্ৰাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক ৰাজবংশ।

3. গুপ্ত শাসন ব্যৱস্থাত সাম্ৰাজ্যখনক বিভক্ত কৰা ‘ভুক্তি’ (Bhukti) নামৰ প্ৰদেশসমূহৰ দায়িত্বত থকা বিষয়াজনক কি বুলি কোৱা হৈছিল? (What was the officer in charge of the provinces called ‘Bhukti’, into which the Gupta empire was divided, known as?)

(A) অমাত্য (Amatya)

(B) বিষয়পতি (Vishayapati)

(C) উপৰিকা (Uparika)

(D) মহামন্ত্ৰী (Mahamantri)

শুদ্ধ উত্তৰ: (C) উপৰিকা (Uparika)

ব্যাখ্যা: গুপ্ত সাম্ৰাজ্যখনক ‘ভুক্তি’ নামেৰে প্ৰদেশত ভাগ কৰা হৈছিল আৰু ইয়াৰ দায়িত্বত থকা বিষয়াক ‘উপৰিকা’ বোলা হৈছিল। ভুক্তিক আকৌ ‘বিষয়’ ত ভাগ কৰা হৈছিল যাৰ দায়িত্বত ‘বিষয়পতি’ আছিল।

4. তলৰ উক্তিসমূহ বিবেচনা কৰক: (Consider the following statements:)

(i) মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠাত চন্দ্ৰগুপ্ত মৌৰ্যক সহায় কৰা প্ৰধানমন্ত্ৰীজন আছিল কৌটিল্য বা চাণক্য। (The Prime Minister who helped Chandragupta Maurya in establishing the Mauryan Empire was Kautilya or Chanakya.)

(ii) কৌটিল্যই ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম ‘ইণ্ডিকা’। (The famous book written by Kautilya is ‘Indica’.)

ওপৰৰ কোনটো/কোনবোৰ উক্তি শুদ্ধ? (Which of the above statement/s is/are correct?)

(A) কেৱল (i) (Only i)

(B) কেৱল (ii) (Only ii)

(C) (i) আৰু (ii) দুয়োটা (Both i and ii)

(D) এটাও নহয় (None of the above)

শুদ্ধ উত্তৰ: (A) কেৱল (i) (Only i)

ব্যাখ্যা: প্ৰথম উক্তিটো শুদ্ধ। কিন্তু দ্বিতীয় উক্তিটো ভুল কাৰণ কৌটিল্যৰ গ্ৰন্থখনৰ নাম ‘অৰ্থশাস্ত্ৰ’ আছিল। ‘ইণ্ডিকা’ মেগাস্থেনিছেহে ৰচনা কৰিছিল।

5. তলৰ কোনগৰাকী চীনা পৰিব্ৰাজক সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত ভাৰতলৈ আহিছিল? (Which of the following Chinese travelers came to India during the reign of Emperor Chandragupta II?)

(A) হিউৱেন-চাং (Hiuen Tsang)

(B) ফা-হিয়ান (Fa-Hien)

(C) ইৎ-ছিং (I-Tsing)

(D) মেগাস্থেনিছ (Megasthenes)

শুদ্ধ উত্তৰ: (B) ফা-হিয়ান (Fa-Hien)

ব্যাখ্যা: ফা-হিয়ান এগৰাকী চীনা তীৰ্থযাত্ৰী আছিল যি দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত ভাৰতলৈ আহিছিল। আনহাতে হিউৱেন-চাং হৰ্ষবৰ্ধন আৰু ভাস্কৰবৰ্মনৰ দিনত আহিছিল।

6. দাবী (Assertion – A): গুপ্ত যুগক প্ৰাচীন ভাৰতৰ ইতিহাসত ‘সোণালী যুগ’ বুলি অভিহিত কৰা হয়। (The Gupta period is referred to as the ‘Golden Age’ in ancient Indian history.)

কাৰণ (Reason – R): এই যুগত কালিদাস, হৰিসেন আদি পণ্ডিতে উৎকৃষ্ট সাহিত্য সৃষ্টি কৰিছিল আৰু সংস্কৃত ভাষাৰ প্ৰথমখন অভিধান ৰচিত হৈছিল। (During this period, scholars like Kalidasa and Harishena created excellent literature, and the first dictionary of the Sanskrit language was written.)

(A) A আৰু R দুয়োটা শুদ্ধ আৰু R, A ৰ সঠিক ব্যাখ্যা। (Both A and R are true and R is the correct explanation of A.)

(B) A আৰু R দুয়োটা শুদ্ধ কিন্তু R, A ৰ সঠিক ব্যাখ্যা নহয়। (Both A and R are true but R is not the correct explanation of A.)

(C) A শুদ্ধ কিন্তু R ভুল। (A is true but R is false.)

(D) A ভুল কিন্তু R শুদ্ধ। (A is false but R is true.)

শুদ্ধ উত্তৰ: (A) A আৰু R দুয়োটা শুদ্ধ আৰু R, A ৰ সঠিক ব্যাখ্যা। (Both A and R are true and R is the correct explanation of A.)

ব্যাখ্যা: সাহিত্য, কলা, আৰু সংস্কৃতিৰ ক্ষেত্ৰত হোৱা অভূতপূৰ্ব বিকাশৰ বাবেই গুপ্ত যুগক সোণালী যুগ বোলা হয়। অমৰসিংহই এই যুগতেই ‘অমৰকোষ’ নামৰ অভিধানখন ৰচনা কৰিছিল।

7. দক্ষিণ ভাৰতৰ কোনটো ৰাজবংশৰ ৰাজধানী আছিল তামিলনাডুৰ ‘কাঞ্চীপুৰম’? (Which South Indian dynasty had its capital at ‘Kanchipuram’ in Tamil Nadu?)

(A) চোল বংশ (Chola Dynasty)

(B) পাণ্ড্য বংশ (Pandya Dynasty)

(C) পল্লৱ বংশ (Pallava Dynasty)

(D) চালুক্য বংশ (Chalukya Dynasty)

শুদ্ধ উত্তৰ: (C) পল্লৱ বংশ (Pallava Dynasty)

ব্যাখ্যা: কাঞ্চীপুৰম আছিল পল্লৱ শাসকসকলৰ ৰাজধানী, আৰু এই বংশৰ প্ৰথমগৰাকী প্ৰখ্যাত ৰজা আছিল সিংহবিষ্ণু।

8. প্ৰাচীন কামৰূপৰ ৰজা ভাস্কৰবৰ্মনে কিমান খ্ৰীষ্টাব্দত ‘ভাস্কৰাব্দ’ নামৰ নতুন বছৰ গণনাৰ প্ৰচলন কৰিছিল? (In which year AD did King Bhaskaravarman of ancient Kamrup introduce the new year calculation called ‘Bhaskarabda’?)

(A) ৩৫০ খ্ৰীষ্টাব্দ (350 AD)

(B) ৫৯৪ খ্ৰীষ্টাব্দ (594 AD)

(C) ৬১০ খ্ৰীষ্টাব্দ (610 AD)

(D) ৬৮০ খ্ৰীষ্টাব্দ (680 AD)

শুদ্ধ উত্তৰ: (B) ৫৯৪ খ্ৰীষ্টাব্দ (594 AD)

ব্যাখ্যা: ভাস্কৰবৰ্মনে ৫৯৪ খ্ৰীষ্টাব্দত সিংহাসনত আৰোহণ কৰিয়েই এটা নতুন বছৰ গণনাৰ প্ৰচলন কৰিছিল যাক ‘ভাস্কৰাব্দ’ বোলা হয়।

9. প্ৰাচীন ভাৰতীয় সাহিত্যৰ গ্ৰন্থ আৰু লেখকৰ কোনটো যোৰা অশুদ্ধ? (Which pair of ancient Indian literature book and author is incorrect?)

(A) অভিজ্ঞান-শকুন্তলম্ – কালিদাস (Abhijnanasakuntalam – Kalidasa)

(B) বুদ্ধচৰিত – অশ্বঘোষ (Buddhacharita – Ashvaghosha)

(C) হৰ্ষচৰিত – হৰিসেন (Harshacharita – Harishena)

(D) মৃচ্ছকটিকম্ – শূদ্ৰক (Mricchakatika – Shudraka)

শুদ্ধ উত্তৰ: (C) হৰ্ষচৰিত – হৰিসেন (Harshacharita – Harishena)

ব্যাখ্যা: ‘হৰ্ষচৰিত’ গ্ৰন্থখন বাণভট্টই ৰচনা কৰিছিল। হৰিসেনে ‘এলাহাবাদ প্ৰশস্তি’ বা ‘প্ৰয়াগৰাজ প্ৰশস্তি’হে ৰচনা কৰিছিল।

10. তলৰ কোনজন ৰজাক ভাৰতৰ ‘প্ৰথমগৰাকী ঐতিহাসিক সম্ৰাট’ বুলি কোৱা হয়? (Which of the following kings is called the ‘first historical emperor’ of India?)

(A) সম্ৰাট অশোক (Emperor Ashoka)

(B) প্ৰথম চন্দ্ৰগুপ্ত (Chandragupta I)

(C) চন্দ্ৰগুপ্ত মৌৰ্য (Chandragupta Maurya)

(D) সমুদ্ৰগুপ্ত (Samudragupta)

শুদ্ধ উত্তৰ: (C) চন্দ্ৰগুপ্ত মৌৰ্য (Chandragupta Maurya)

ব্যাখ্যা: চন্দ্ৰগুপ্ত মৌৰ্যৰ আগতে ভাৰতৰ ইতিহাসত কোনো সম্ৰাটৰ স্পষ্ট কথা পোৱা নাযায়, সেয়েহে তেওঁক ভাৰতৰ প্ৰথমগৰাকী ঐতিহাসিক সম্ৰাট বুলি কোৱা হয়।

11. দক্ষিণ ভাৰতৰ ৰাজবংশসমূহৰ বিষয়ে তলৰ কোনটো তথ্য শুদ্ধ? (Which of the following information about the South Indian dynasties is correct?)

(A) পাণ্ড্য বংশৰ ৰাজধানী কাবেৰীপট্টনম আছিল। (The capital of the Pandya dynasty was Kaveripattinam.)

(B) চোলসকলে কপাহী কাপোৰৰ ব্যৱসায় কৰিছিল। (The Cholas traded in cotton clothes.)

(C) চেৰাসকলৰ অঞ্চলটোক উৰাইয়ুৰ বুলি জনা গৈছিল। (The region of the Cheras was known as Uraiyur.)

(D) সাতবাহনসকলক ‘মহামেঘবাহন’ বুলিও জনা গৈছিল। (The Satavahanas were also known as ‘Mahameghavahana’.)

শুদ্ধ উত্তৰ: (B) চোলসকলে কপাহী কাপোৰৰ ব্যৱসায় কৰিছিল। (The Cholas traded in cotton clothes.)

ব্যাখ্যা: চোলসকলে কপাহী কাপোৰৰ ব্যৱসায় কৰি প্ৰচুৰ উপাৰ্জন কৰিছিল। পাণ্ড্যসকলৰ ৰাজধানী মাডুৰাই আছিল, উৰাইয়ুৰ চোলসকলৰ কেন্দ্ৰ আছিল, আৰু সাতবাহনসকলক ‘অন্ধ্ৰ’ বুলিহে জনা গৈছিল।

12. কোনটো ৰাজবংশই কলিংগ (বৰ্তমানৰ উৰিষ্যা) অঞ্চলত শাসন কৰিছিল? (Which dynasty ruled the Kalinga (present-day Odisha) region?)

(A) চালুক্য বংশ (Chalukya Dynasty)

(B) কণ্ব বংশ (Kanva Dynasty)

(C) চেদী বা চেত ৰাজবংশ (Chedi or Cheta Dynasty)

(D) শৃংগ বংশ (Shunga Dynasty)

শুদ্ধ উত্তৰ: (C) চেদী বা চেত ৰাজবংশ (Chedi or Cheta Dynasty)

ব্যাখ্যা: খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ শেষৰফালে মহামেঘবাহন নামৰ এজন ৰজাই কলিংগ (বৰ্তমানৰ উৰিষ্যাত) অঞ্চলত চেদী বা চেত ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল।

13. বৌদ্ধ ধৰ্মৰ ধৰ্মগ্ৰন্থ ‘ত্ৰিপিটক’ প্ৰধানকৈ কোনটো ভাষাত ৰচিত হৈছিল? (In which language was the Buddhist religious text ‘Tripitaka’ primarily written?)

(A) সংস্কৃত (Sanskrit)

(B) প্ৰাকৃত (Prakrit)

(C) পালি (Pali)

(D) তামিল (Tamil)

শুদ্ধ উত্তৰ: (C) পালি (Pali)

ব্যাখ্যা: বৌদ্ধ ধৰ্মৰ প্ৰধান গ্ৰন্থ ত্ৰিপিটক (সুত্ত, বিনয় আৰু অভিধম্ম পিটক) ভাৰতৰ এক ধ্ৰুপদী ভাষা ‘পালি’ত ৰচিত হৈছিল।

14. সম্ৰাট অশোকে বৌদ্ধধৰ্ম গ্ৰহণ কৰাৰ পিছত কি ৰাজকীয় খেল বন্ধ কৰিছিল? (What royal sport did Emperor Ashoka stop after adopting Buddhism?)

(A) মল্লযুঁজ (Wrestling)

(B) চিকাৰ (Hunting)

(C) ঘোঁৰা দৌৰ (Horse racing)

(D) ৰথ যাত্ৰা (Chariot racing)

শুদ্ধ উত্তৰ: (B) চিকাৰ (Hunting)

ব্যাখ্যা: অশোকে বৌদ্ধধৰ্ম গ্ৰহণ কৰাৰ পাছত ৰাজকীয় খেল হিচাপে তেতিয়া জনপ্ৰিয় থকা চিকাৰ বন্ধ কৰি জীৱ-জন্তুৰ সুৰক্ষাৰ ব্যৱস্থা কৰিছিল।

15. তলৰ কোনখন গ্ৰন্থত ৰজাৰ কৰ্তব্য সম্পৰ্কে লিখা হৈছে যে “প্ৰজাৰ সুখত ৰজাৰ সুখ নিহিত হৈ আছে…”? (In which of the following books is it written about the duty of a king that “the happiness of the king lies in the happiness of the subjects…”?)

(A) ইণ্ডিকা (Indica)

(B) অৰ্থশাস্ত্ৰ (Arthashastra)

(C) ৰঘুবংশম (Raghuvamsham)

(D) চি-ইউ-কী (Si-Yu-Ki)

শুদ্ধ উত্তৰ: (B) অৰ্থশাস্ত্ৰ (Arthashastra)

ব্যাখ্যা: মৌৰ্য মহামন্ত্ৰী কৌটিল্যই তেওঁৰ ‘অৰ্থশাস্ত্ৰ’ গ্ৰন্থত ৰজাৰ কৰ্তব্য আৰু অৰ্থনীতিৰ নীতিসমূহ বৰ্ণনা কৰি এই বিখ্যাত উক্তিটো লিখিছিল।

Important Revision Points (গুৰুত্বপূৰ্ণ চমুকৈ মনত ৰাখিবলগীয়া তথ্য)

📌 মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক (Founder of Mauryan Dynasty): চন্দ্ৰগুপ্ত মৌৰ্যক ভাৰতৰ প্ৰথম ঐতিহাসিক সম্ৰাট বোলা হয়। (Chandragupta Maurya is known as the first historical emperor of India.)

অৰ্থশাস্ত্ৰ (Arthashastra): চন্দ্ৰগুপ্তৰ মন্ত্ৰী কৌটিল্য বা চাণক্যই অৰ্থশাস্ত্ৰ গ্ৰন্থ ৰচনা কৰিছিল। (Kautilya or Chanakya, the minister of Chandragupta, wrote the book Arthashastra.)

শৃংগ বংশ (Shunga Dynasty): মৌৰ্য সেনাপতি পুষ্যমিত্ৰ শৃংগই শেষ মৌৰ্য ৰজাক হত্যা কৰি এই বংশ প্ৰতিষ্ঠা কৰে। (Mauryan commander Pushyamitra Shunga established this dynasty by killing the last Mauryan king.)

সোণালী যুগ (Golden Age): সাহিত্য আৰু কলাৰ বিকাশৰ বাবে গুপ্ত যুগক প্ৰাচীন ভাৰতৰ সোণালী যুগ বোলা হয়। (The Gupta period is called the Golden Age of ancient India due to the development of literature and art.)

দক্ষিণ ভাৰতৰ ৰাজবংশ (South Indian Dynasties): পাণ্ড্যৰ ৰাজধানী মাডুৰাই, চোলৰ কাবেৰীপট্টনম আৰু পল্লৱৰ কাঞ্চীপুৰম আছিল। (The capital of Pandya was Madurai, Chola was Kaveripattinam, and Pallava was Kanchipuram.)

বৰ্মন বংশৰ প্ৰতিষ্ঠাতা (Founder of Varman Dynasty): প্ৰাচীন কামৰূপৰ প্ৰথম ঐতিহাসিক বৰ্মন বংশ পুষ্যবৰ্মনে প্ৰতিষ্ঠা কৰিছিল। (Pushyavarman founded the first historical Varman dynasty of ancient Kamrup.)

ভাস্কৰাব্দ (Bhaskarabda): ৫৯৪ খ্ৰীষ্টাব্দত কামৰূপৰ শ্ৰেষ্ঠ ৰজা ভাস্কৰবৰ্মনে ভাস্কৰাব্দ প্ৰচলন কৰিছিল। (Bhaskaravarman, the greatest king of Kamrup, introduced Bhaskarabda in 594 AD.)

বিদেশী পৰ্যটক (Foreign Travelers): মেগাস্থেনিছে ‘ইণ্ডিকা’ আৰু হিউৱেন-চাঙে ‘চি-ইউ-কী’ ৰচনা কৰিছিল। (Megasthenes wrote ‘Indica’ and Hiuen Tsang wrote ‘Si-Yu-Ki’.)

প্ৰাচীন লিপি আৰু গ্ৰন্থ (Ancient Scripts and Books): হৰিসেনে এলাহাবাদ প্ৰশস্তি, অমৰসিংহই অমৰকোষ আৰু কালিদাসে অভিজ্ঞান-শকুন্তলম্ ৰচনা কৰিছিল। (Harishena wrote Allahabad Prasasti, Amarashimha wrote Amarakosha, and Kalidasa wrote Abhijnanasakuntalam.)

  • Read Here: Social Science Class 6 Chapter 8 Notes- ভাৰতীয় সভ্যতাৰ আৰম্ভণি
  • Read Here: Social Sciene Class 6 Chapter 7 Notes- মানুহৰ জীৱন-প্ৰণালীৰ বিকাশ
  • Read Here: Social Sciene Class 6 Chapter 6 Notes- ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবৰ্ষ
  • Read Here: Social Science Class 6 Chapter 5 Notes- ভাৰত: পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য
  • Read Here: Social Science Class 6 Chapter 4 Notes- দেশ-মহাদেশৰ কথা: জাপান
  • Read Here: Social Science Class 6 Chapter 3 Notes- ভূ-অৱয়ব আৰু মানুহ
  • Read Here: Social Science Class 6 Chapter 2 Notes- সময় মণ্ডল আৰু মানচিত্ৰ
  • Read Here: Social Science Class 6 Chapter 1 Notes- আমাৰ পৃথিৱী

1 thought on “Chapter 9: প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ- Class 6 Social Science Complete Study Notes & MCQs”

Leave a Comment