SCERT Assam Class 6 Social Science Chapter 1 আমাৰ পৃথিৱী Notes

Here we are providing the chapter-wise question notes for SCERT Social Science Class 6 Chapter 1: আমাৰ পৃথিৱী Our Earth that will help you to prepare for your upcoming Assam State Level competitive exams. Pariksha Assam has covered all the important topics related to the solar system and the geographical knowledge of our earth that will help you to score good marks in the General Knowledge/ Geography section of your APSC CCE, ADRE Grade III & IV, Assam Police, Assam TET, and other state-level exams.

১. সৌৰজগত আৰু আমাৰ পৃথিৱী (Solar System and Our Earth)​

আমাৰ পৃথিৱীখন (Earth) সৌৰজগতৰ (Solar System) অন্তৰ্গত এটা গ্ৰহ। সৌৰজগতৰ মুৰব্বী হৈছে সূৰ্য (Sun)। সূৰ্যৰ পৰা দূৰত্ব অনুসৰি সৌৰজগতৰ ৮ টা গ্ৰহ হ’ল- বুধ (Mercury), শুক্ৰ (Venus), পৃথিৱী (Earth), মংগল (Mars), বৃহস্পতি (Jupiter), শনি (Saturn), ইউৰেনাচ (Uranus), আৰু নেপচুন (Neptune)। সৌৰজগতৰ উৎপত্তিৰ সময়ৰে পৰা গ্ৰহবোৰে উপবৃত্তাকাৰ পথেৰে (elliptical orbit) সূৰ্যক প্ৰদক্ষিণ কৰি আছে।

সূৰ্য সম্পৰ্কীয় গুৰুত্বপূৰ্ণ তথ্য (Key Facts about the Sun)​

  • সূৰ্যৰ বহিঃপৃষ্ঠৰ উষ্ণতা প্ৰায় ৫৬০০ ডিগ্ৰী চেলচিয়াছ আৰু অন্তঃভাগৰ উষ্ণতা প্ৰায় ১.৫ কোটি ডিগ্ৰী চেলচিয়াছ। ​
  • পৃথিৱীয়ে সূৰ্যৰ ৰশ্মিৰ ২০০ কোটি ভাগৰ মাত্ৰ এক ভাগহে লাভ কৰে। ​
  • পৃথিৱীতকৈ সূৰ্য ৩.৩ লাখ গুণে ডাঙৰ।
  • সূৰ্যৰ দৰে মধ্যমীয়া নক্ষত্ৰৰ আয়ুস সাধাৰণতে ১০০০ কোটি বছৰ।

উপগ্ৰহ আৰু অন্যান্য মহাজাগতিক পদাৰ্থ (Satellites and Celestial Bodies)​

  • গ্ৰহবোৰক প্ৰদক্ষিণ কৰা মহাজাগতিক পিণ্ডবোৰক উপগ্ৰহ (Satellite) বোলে।
  • চন্দ্ৰ (Moon) হৈছে পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ। চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমান যেন দেখি।
  • ​বুধ আৰু শুক্ৰ গ্ৰহক বাদ দি আন সকলো গ্ৰহৰ দুই বা ততোধিক উপগ্ৰহ আছে।
গ্ৰহ (Planet)উপগ্ৰহৰ সংখ্যা (Number of Satellites)
পৃথিৱী (Earth)১
মংগল (Mars)২
বৃহস্পতি (Jupiter)৬৭
শনি (Saturn)৫৩
ইউৰেনাচ (Uranus)২৭
নেপচুন (Neptune)১৩
  • ​ধূমকেতু (Comet): সৌৰজগতত অস্থায়ীভাৱে সূৰ্যক পৰিভ্ৰমণ কৰা বাষ্পীয় শীতল পিণ্ডসমূহেই হৈছে ধূমকেতু বা নেজাল তৰা।
  • ​উল্কা (Meteors): আকাশত তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত হঠাতে জ্বলি উঠা পিণ্ডবোৰেই উল্কা বা পপীয়া তৰা।
  • ​গ্ৰহাণুপুঞ্জ (Asteroids): মহাকাশত গ্ৰহৰ মাজত থকা কিছুমান সৰু সৰু পদাৰ্থৰ সমষ্টি।
  • ​হাতীপটি (Milky Way): হাতীপটি হৈছে এখন তাৰকাৰাজ্য (Galaxy) য’ত বিশ্বব্ৰহ্মাণ্ডৰ অলেখ তৰা বা নক্ষত্ৰ আছে।
scert social science class 6 chapter 1

​২. পৃথিৱীৰ আকাৰ আৰু আকৃতি (Earth’s Size and Shape)

  • পৃথিৱীখন সম্পূৰ্ণ ঘূৰণীয়া নহয়, ইয়াৰ আকৃতি উপবৃত্তাকাৰ (Geoid)। ইয়াৰ দুয়ো মূৰ সামান্য চাপ খোৱা আৰু মাজৰ অংশ অলপ ওফন্দি উঠাৰ দৰে। ​
  • পৃথিৱীৰ পৰিধি (Circumference) প্ৰায় ৪০,০০০ কিলোমিটাৰ। ​
  • ব্যাস (Diameter): পৃথিৱীৰ উত্তৰা-দক্ষিণা ব্যাস ১২,৭১৪ কিলোমিটাৰ আৰু পূবা-পশ্চিমা ব্যাস ১২,৭৫৬ কিলোমিটাৰ দীঘল। অৰ্থাৎ, পৃথিৱীৰ পূবা-পশ্চিমা ব্যাস উত্তৰা-দক্ষিণা ব্যাসতকৈ ৪২ কিলোমিটাৰ বেছি দীঘল, যাৰ বাবে পৃথিৱীৰ মাজ অংশটো কিছু ওফন্দি উঠা ধৰণৰ। ​
  • পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা আৰু দুয়ো মেৰু সংযোগ কৰা কাল্পনিক ৰেখাডালক মেৰুদণ্ড (Axis) বোলে। ​
  • মেৰুদণ্ডডালৰ ওপৰৰ পিনে থকা শীৰ্ষ বিন্দুটোক উত্তৰ মেৰু বা সুমেৰু (North Pole) আৰু তলৰ পিনে থকা শীৰ্ষ বিন্দুটোক দক্ষিণ মেৰু বা কুমেৰু (South Pole) বোলা হয়। ​
  • পৃথিৱীখনে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ অনবৰতে ঘূৰি আছে।

Note: সৌৰজগতৰ অকল শুক্ৰ আৰু ইউৰেনাচ গ্ৰহহে পূৱৰ পৰা পশ্চিমলৈ নিজ মেৰুদণ্ডৰ ওপৰত ঘুৰি আছে ।

​৩. কাল্পনিক ৰেখাসমূহ: অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখা (Imaginary Lines)

অক্ষৰেখা (Parallels of Latitude)

  • পৃথিৱীৰ উপৰিভাগত দুয়ো মেৰুৰ পৰা সমদূৰত পূবা-পশ্চিমাকৈ কল্পনা কৰা ৰেখাডালক বিষুৱৰেখা (Equator) বুলি কোৱা হয়। ই পৃথিৱীক উত্তৰ গোলাৰ্ধ (Northern Hemisphere) আৰু দক্ষিণ গোলাৰ্ধত (Southern Hemisphere) সমানে দুভাগ কৰে। ​
  • বিষুৱৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ অংকন কৰা বৃত্তাকাৰ ৰেখাবোৰকে অক্ষৰেখা বোলে আৰু ইয়াৰ মানক অক্ষাংশ (Latitude) বোলে। ​
  • প্ৰতিডাল অক্ষৰেখা একোটা পূৰ্ণ বৃত্ত। মেৰুলৈকে অক্ষৰেখাবোৰৰ পৰিধি ক্ৰমে কমি যায়, কিন্তু মান বাঢ়ি যায়, আৰু দুই মেৰুত বৃত্তাকাৰ অক্ষৰেখা একোটা বিন্দু হৈ পৰেগৈ। ​
  • বিষুৱৰেখাৰ কৌণিক মান হ’ল 0°, আৰু ইয়েই আটাইতকৈ দীঘল অক্ষৰেখা (নিৰক্ষৰেখা)। পৃথিৱীৰ উত্তৰ মেৰুৰ মান 90° উত্তৰ আৰু দক্ষিণ মেৰুৰ মান 90° দক্ষিণ।
  • ​প্ৰধান অক্ষৰেখাসমূহ:​
    • কৰ্কট-ক্ৰান্তি (Tropic of Cancer): ২৩°৩০’ উত্তৰ। ​
    • মকৰ-ক্ৰান্তি (Tropic of Capricorn): ২৩°৩০’ দক্ষিণ। ​
    • সুমেৰু বৃত্ত (Arctic Circle): ৬৬°৩০’ উত্তৰ। ​
    • কুমেৰু বৃত্ত (Antarctic Circle): ৬৬°৩০’ দক্ষিণ।

📌 Visit our main website www.studyblink.com for competitive exam book reviews, exam strategy and pdf download.

দ্ৰাঘিমাৰেখা (Meridians of Longitude)

  • উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰি কল্পনা কৰা অৰ্ধবৃত্তাকাৰ ৰেখাবোৰেই হৈছে দ্ৰাঘিমাৰেখা, আৰু ইয়াৰ কৌণিক মানক দ্ৰাঘিমাংশ (Longitude) বুলি কোৱা হয়। ​এই ৰেখাবোৰে বিষুৱৰেখাক 90° কোণত ছেদ কৰে। ​
  • দ্ৰাঘিমাৰেখাবোৰ পৰস্পৰ সমান্তৰাল নহয়। দ্ৰাঘিমাৰেখাসমূহৰ মাজৰ দূৰত্ব বিষুৱৰ ওচৰত সৰ্বাধিক আৰু ক্ৰমান্বয়ে কমি গৈ মেৰুবিন্দুত লগ হৈ যায়।
  • ​মুঠ দ্ৰাঘিমাৰেখাৰ সংখ্যা ৩৬০ ডাল (পূব দিশে ১৮০ ডাল আৰু পশ্চিম দিশে ১৮০ ডাল)। 180° পূব আৰু 180° পশ্চিম দ্ৰাঘিমাৰেখা প্ৰকৃততে একেডাল ৰেখাহে।
  • ​লণ্ডনৰ গ্ৰীনউইচ (Greenwich) মানমন্দিৰৰ ওপৰেদি যোৱা 0° দ্ৰাঘিমাডালক মুখ্য দ্ৰাঘিমাৰেখা (Prime Meridian) বোলে। ই পৃথিৱীক পূব গোলাৰ্ধ আৰু পশ্চিম গোলাৰ্ধত ভাগ কৰে। ​
  • অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ সহায়ত যিকোনো ঠাইৰ অৱস্থান নিৰ্ণয় কৰা হয়। উদাহৰণস্বৰূপে, অসমৰ গুৱাহাটী মহানগৰৰ অৱস্থান হ’ল 26°11′ উত্তৰ অক্ষাংশ আৰু 91°07′ পূব দ্ৰাঘিমাংশ।

৪. পৃথিৱীৰ গতি আৰু ইয়াৰ প্ৰভাৱ (Earth’s Motions and their Effects)

পৃথিৱীৰ গতিক দুটা ভাগত ভাগ কৰা হৈছে:​

ক) আহ্নিক গতি বা আৱৰ্তন গতি (Diurnal Motion / Rotation)​

  • পৃথিৱীয়ে নিজ কক্ষতলৰ লগত ৬৬°৩০’ কোণ কৰি হেলনীয়াকৈ নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ ঘূৰি থকা গতিক আহ্নিক গতি বোলে।
  • ​পৃথিৱীক এইদৰে এপাক ঘূৰিবলৈ ২৩ ঘণ্টা ৫৬ মিনিট ৪ ছেকেণ্ড (প্ৰায় ২৪ ঘণ্টা) সময় লাগে।
  • ​মনত ৰাখিবলগীয়া যে শুক্ৰ গ্ৰহৰ গতি অতি ধীৰ আৰু ই পৃথিৱীৰ গতিৰ বিপৰীত দিশত অৰ্থাৎ পূৱৰ পৰা পশ্চিমলৈ ঘূৰে। ​
  • প্ৰভাৱ: আহ্নিক গতিৰ ফলত পৃথিৱীত দিন আৰু ৰাতি হয়। ইয়াৰ ফলতেই ভূ-পৃষ্ঠৰ ভিন্-ভিন্ ঠাইত শক্তিশালী বতাহৰ সৃষ্টি হয়। চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণৰ লগতে আহ্নিক গতিৰ ফলতো সাগৰ-মহাসাগৰত দৈনিক দুবাৰকৈ নিয়মিত ব্যৱধানত জোৱাৰ-ভাটাৰ (Tides) সৃষ্টি হয়।

খ) বাৰ্ষিক গতি বা পৰিভ্ৰমণ গতি (Annual Motion / Revolution)​

  • পৃথিৱীয়ে উপবৃত্তাকাৰ কক্ষপথেৰে (Orbit) সূৰ্যৰ চাৰিওফালে এপাক ঘূৰাকে পৃথিৱীৰ বাৰ্ষিক গতি বোলে। ​
  • আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা সংস্থা ‘নাছা’ (NASA) ৰ মতে পৃথিৱীক এটা বাৰ্ষিক গতি সম্পূৰ্ণ কৰিবলৈ ৩৬৫ দিন ৫ ঘণ্টা ৫৬ মিনিট ১৬ ছেকেণ্ড সময় লাগে। ​

NASA Full Form– National Aeronautics and Space Administration. গঠন: 1958 চনৰ 29 জুলাই

  • প্ৰভাৱ: বাৰ্ষিক গতিৰ ফলত মাহ, ঋতু আৰু বছৰৰ পৰিৱৰ্তন হয়। পৃথিৱীৰ কক্ষপথ উপবৃত্তাকাৰ হোৱা বাবে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব সকলো সময়তে একে নাথাকে, যাৰ ফলত সাগৰীয় সোঁত, বতাহৰ গতি, তাপ আৰু বায়ুৰ চাপৰ পৰিৱৰ্তন হয়। ​
  • অপসূৰ (Aphelion): ৪ জুলাইৰ দিনাখন পৃথিৱী সূৰ্যৰ পৰা আটাইতকৈ দূৰত (১৫২ নিযুত কিলোমিটাৰ) অৱস্থান কৰে। ​
  • অনুসূৰ (Perihelion): ৩ জানুৱাৰীৰ দিনাখন পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ ওচৰত (১৪৭.৫ নিযুত কিলোমিটাৰ) অৱস্থান কৰে।

১৫ টা গুৰুত্বপূৰ্ণ প্ৰশ্ন (15 Important Practice MCQs)

১. পৃথিৱীৰ আকাৰ আৰু আকৃতিৰ সন্দৰ্ভত তলৰ কোনটো/কোনোবোৰ উক্তি শুদ্ধ?

(i) পৃথিৱীৰ পূবা-পশ্চিমা ব্যাস উত্তৰা-দক্ষিণা ব্যাসতকৈ ৪২ কিলোমিটাৰ বেছি দীঘল।

(ii) পৃথিৱীৰ আকৃতি সম্পূৰ্ণ ঘূৰণীয়া।

(A) কেৱল (i) শুদ্ধ

(B) কেৱল (ii) শুদ্ধ

(C) (i) আৰু (ii) দুয়োটা শুদ্ধ

(D) এটাও শুদ্ধ নহয়

শুদ্ধ উত্তৰ: (A) কেৱল (i) শুদ্ধ

ব্যাখ্যা: পৃথিৱী সম্পূৰ্ণ ঘূৰণীয়া নহয়, ইয়াৰ আকৃতি উপবৃত্তাকাৰ (Geoid) আৰু ইয়াৰ পূবা-পশ্চিমা ব্যাস উত্তৰা-দক্ষিণা ব্যাসতকৈ ৪২ কি.মি. বেছি দীঘল।

২. তলৰ তালিকাখন মিলাওক:

(a) বৃহস্পতি          1. ২৭ টা উপগ্ৰহ

(b) শনি               2. ৬৭ টা উপগ্ৰহ

(c) ইউৰেনাচ         3. ১৩ টা উপগ্ৰহ

(d) নেপচুন           4. ৫৩ টা উপগ্ৰহ

(A) a-2, b-4, c-1, d-3

(B) a-4, b-2, c-1, d-3

(C) a-2, b-4, c-3, d-1

(D) a-1, b-4, c-2, d-3

শুদ্ধ উত্তৰ: (A) a-2, b-4, c-1, d-3

ব্যাখ্যা: গ্ৰহসমূহৰ উপগ্ৰহৰ সংখ্যা ক্ৰমে বৃহস্পতিৰ ৬৭ টা, শনিৰ ৫৩ টা, ইউৰেনাচৰ ২৭ টা আৰু নেপচুনৰ ১৩ টা।

৩. তলৰ কোনটো গ্ৰহ পৃথিৱীৰ আৱৰ্তনৰ বিপৰীত দিশত ঘূৰে?

(A) মংগল

(B) শুক্ৰ

(C) বৃহস্পতি

(D) বুধ

শুদ্ধ উত্তৰ: (B) শুক্ৰ

ব্যাখ্যা: গ্ৰহবোৰৰ আহ্নিক গতিৰ বাবে প্ৰয়োজনীয় সময় একে নহয়, শুক্ৰ গ্ৰহৰ গতি অতি ধীৰ আৰু ই পৃথিৱীৰ গতিৰ বিপৰীত দিশত ঘূৰে।

​৪. দাবী (Assertion – A): বিষুৱৰেখাৰ পৰা মেৰুলৈ ক্ৰমান্বয়ে দ্ৰাঘিমাৰেখাসমূহৰ মাজৰ দূৰত্ব কমি আহে।

কাৰণ (Reason – R): দ্ৰাঘিমাৰেখাবোৰ পৰস্পৰ সমান্তৰাল নহয় আৰু এইবোৰ মেৰুবিন্দুত লগ হৈ যায়।

(A) A আৰু R দুয়োটা শুদ্ধ আৰু R, A ৰ সঠিক ব্যাখ্যা।

(B) A আৰু R দুয়োটা শুদ্ধ কিন্তু R, A ৰ সঠিক ব্যাখ্যা নহয়।

(C) A শুদ্ধ কিন্তু R ভুল।

(D) A ভুল কিন্তু R শুদ্ধ।

শুদ্ধ উত্তৰ: (A) A আৰু R দুয়োটা শুদ্ধ আৰু R, A ৰ সঠিক ব্যাখ্যা।

ব্যাখ্যা: দ্ৰাঘিমাৰেখাবোৰ অৰ্ধবৃত্ত হোৱাৰ বাবে আৰু মেৰুত লগ হোৱাৰ বাবে বিষুৱৰেখাৰ ওচৰত ইয়াৰ ব্যৱধান সৰ্বাধিক আৰু মেৰুৰ পিনে ক্ৰমে কমি যায়।

​

৫. পৃথিৱীৰ আহ্নিক গতিৰ (Rotation) সম্পূৰ্ণ সময়কাল কিমান?

(A) ২৪ ঘণ্টা

(B) ২৩ ঘণ্টা ৫৬ মিনিট ৪ ছেকেণ্ড

(C) ২৩ ঘণ্টা ৫৬ মিনিট ১৬ ছেকেণ্ড

(D) ৩৬৫ দিন

শুদ্ধ উত্তৰ: (B) ২৩ ঘণ্টা ৫৬ মিনিট ৪ ছেকেণ্ড

ব্যাখ্যা: পৃথিৱীয়ে নিজ মেৰুদণ্ডত পশ্চিমৰ পৰা পূবলৈ এপাক ঘূৰিবলৈ ২৩ ঘণ্টা ৫৬ মিনিট ৪ ছেকেণ্ড সময় লয়।

৬. অসমৰ গুৱাহাটী মহানগৰৰ সঠিক অৱস্থান কি?

(A) ২৬°১১’ উত্তৰ অক্ষাংশ আৰু ৯১°০৭’ পূব দ্ৰাঘিমাংশ

(B) ২৩°৩০’ উত্তৰ অক্ষাংশ আৰু ৯১°০৭’ পূব দ্ৰাঘিমাংশ

(C) ২৬°১১’ দক্ষিণ অক্ষাংশ আৰু ৯১°০৭’ পশ্চিম দ্ৰাঘিমাংশ

(D) ৬৬°৩০’ উত্তৰ অক্ষাংশ আৰু ৯১°০৭’ পূব দ্ৰাঘিমাংশ

শুদ্ধ উত্তৰ: (A) ২৬°১১’ উত্তৰ অক্ষাংশ আৰু ৯১°০৭’ পূব দ্ৰাঘিমাংশ

ব্যাখ্যা: অক্ষাংশ আৰু দ্ৰাঘিমাৰেখাৰ সহায়ত অৱস্থান নিৰ্ণয় কৰা হয়, গুৱাহাটী ২৬°১১’ উত্তৰ অক্ষাংশ আৰু ৯১°০৭’ পূব দ্ৰাঘিমাংশত অৱস্থিত।

​৭. ‘অনুসূৰ’ (Perihelion) অৱস্থানৰ বিষয়ে তলৰ কোনটো উক্তি শুদ্ধ?

(A) ৪ জুলাইত পৃথিৱী সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থান কৰে।

(B) ৩ জানুৱাৰীত পৃথিৱী সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থান কৰে।

(C) এই অৱস্থানত পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব ১৫২ নিযুত কিলোমিটাৰ হয়।

(D) ইয়াৰ ফলত পৃথিৱীত দিন-ৰাতি হয়।

শুদ্ধ উত্তৰ: (B) ৩ জানুৱাৰীত পৃথিৱী সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থান কৰে।

ব্যাখ্যা: ৩ জানুৱাৰীত পৃথিৱী সূৰ্যৰ নিচেই কাষ চাপে (১৪৭.৫ নিযুত কি.মি.), যাক অনুসূৰ বোলে, আনহাতে ৪ জুলাইৰ অৱস্থানক অপসূৰ বোলে।

​

৮. দ্ৰাঘিমাৰেখা সম্পৰ্কে তলৰ কোনটো উক্তি ভুল?

(A) দ্ৰাঘিমাৰেখাবোৰ পূৰ্ণ বৃত্ত।

(B) মুঠ দ্ৰাঘিমাৰেখাৰ সংখ্যা ৩৬০ ডাল।

(C) ১৮০° পূব আৰু ১৮০° পশ্চিম প্ৰকৃততে একেডাল ৰেখাহে।

(D) দ্ৰাঘিমাৰেখাবোৰে বিষুৱৰেখাক ৯০° কোণত ছেদ কৰে।

শুদ্ধ উত্তৰ: (A) দ্ৰাঘিমাৰেখাবোৰ পূৰ্ণ বৃত্ত।

ব্যাখ্যা: প্ৰতিডাল দ্ৰাঘিমাৰেখা সমান দৈৰ্ঘ্যৰ আৰু প্ৰত্যেকেই একোটা অৰ্ধবৃত্তহে, পূৰ্ণ বৃত্ত নহয়।

​৯. সাগৰ-মহাসাগৰত জোৱাৰ-ভাটা (Tide) সৃষ্টি হোৱাৰ প্ৰধান কাৰণ কি?

(A) পৃথিৱীৰ বাৰ্ষিক গতি

(B) বতাহৰ তীব্ৰ গতিবেগ

(C) চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণ

(D) সূৰ্যৰ অত্যধিক উষ্ণতা

শুদ্ধ উত্তৰ: (C) চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণ

ব্যাখ্যা: প্ৰধানকৈ চন্দ্ৰ আৰু সূৰ্যৰ আকৰ্ষণৰ ফলতেই সাগৰ-মহাসাগৰত দৈনিক দুবাৰকৈ পানী ওফন্দি উঠি আৰু নামি গৈ জোৱাৰ-ভাটাৰ সৃষ্টি কৰে।

​

১০. তলৰ কোনডাল অক্ষৰেখাক ‘কৰ্কট-ক্ৰান্তি’ (Tropic of Cancer) বুলি জনা যায়?

(A) ২৩°৩০’ দক্ষিণ

(B) ৬৬°৩০’ উত্তৰ

(C) ২৩°৩০’ উত্তৰ

(D) ০০° অক্ষাংশ

শুদ্ধ উত্তৰ: (C) ২৩°৩০’ উত্তৰ

ব্যাখ্যা: ২৩°৩০’ উত্তৰ অক্ষাংশক কৰ্কট-ক্ৰান্তি বোলে আৰু ২৩°৩০’ দক্ষিণ অক্ষাংশক মকৰ-ক্ৰান্তি বোলে।

​

১১. সূৰ্যৰ বহিঃপৃষ্ঠ আৰু অন্তঃভাগৰ উষ্ণতা ক্ৰমে কিমান?

(A) ৫৫০০°C আৰু ১ কোটি °C

(B) ৫৬০০°C আৰু ১.৫ কোটি °C

(C) ৬০০০°C আৰু ২ কোটি °C

(D) ৫৬০০°C আৰু ১.৫ লাখ °C

শুদ্ধ উত্তৰ: (B) ৫৬০০°C আৰু ১.৫ কোটি °C

ব্যাখ্যা: সূৰ্যৰ বহিঃপৃষ্ঠৰ উষ্ণতা প্ৰায় ৫৬০০ ডিগ্ৰী চেলচিয়াছ আৰু অন্তঃভাগৰ উষ্ণতা প্ৰায় ১.৫ কোটি ডিগ্ৰী চেলচিয়াছ।

​

১২. ‘NASA’ ৰ সম্পূৰ্ণ ৰূপ কি?

(A) National Aviation and Space Administration

(B) National Aeronautics and Space Administration

(C) North American Space Agency

(D) National Aerospace and Scientific Administration

শুদ্ধ উত্তৰ: (B) National Aeronautics and Space Administration

ব্যাখ্যা: ‘নাছা’ (NASA) ৰ সম্পূৰ্ণ ৰূপ হৈছে National Aeronautics and Space Administration, যি আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা সংস্থা।

​

১৩. তলৰ কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই?

(A) মংগল আৰু শুক্ৰ

(B) বুধ আৰু শুক্ৰ

(C) শনি আৰু ইউৰেনাচ

(D) বুধ আৰু পৃথিৱী

শুদ্ধ উত্তৰ: (B) বুধ আৰু শুক্ৰ

ব্যাখ্যা: সৌৰজগতৰ বুধ আৰু শুক্ৰ গ্ৰহক বাদ দি আন সকলো গ্ৰহৰ দুই বা ততোধিক উপগ্ৰহ আছে।

​

১৪. ঋতু পৰিৱৰ্তন (Change of seasons) পৃথিৱীৰ কোনটো গতিৰ ফলত হয়?

(A) আহ্নিক গতি

(B) মেৰুদণ্ডৰ ঘূৰ্ণন

(C) বাৰ্ষিক গতি

(D) মাধ্যাকৰ্ষণ শক্তি

শুদ্ধ উত্তৰ: (C) বাৰ্ষিক গতি

ব্যাখ্যা: পৃথিৱীয়ে উপবৃত্তাকাৰ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰি থকা বাৰ্ষিক গতিৰ ফলতেই পৃথিৱীত পোহৰ আৰু তাপ সমান নপৰে আৰু ঋতু পৰিৱৰ্তন হয়।

​

১৫. পৃথিৱীয়ে নিজ কক্ষতলৰ লগত কিমান ডিগ্ৰী কোণ কৰি হেলনীয়াকৈ অৱস্থান কৰে?

(A) ২৩°৩০’

(B) ৬৬°৩০’

(C) ৯০°

(D) ০০°

শুদ্ধ উত্তৰ: (B) ৬৬°৩০’

ব্যাখ্যা: পৃথিৱীয়ে নিজ কক্ষতলৰ লগত ৬৬°৩০’ কোণ কৰি হেলনীয়াকৈ নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকে।

১৬) তলৰ কোনটোক সৌৰজগতৰ বৃহত্তম প্ৰাকৃতিক উপগ্ৰহ বুলি জনা যায়?

(A) টাইটান (Titan)

(B) চন্দ্ৰ (Moon)

(C) গেনিমাইড (Ganymede)

(D) ডিম’চ (Deimos)

​উত্তৰ: (C)

ব্যাখ্যা: বৃহস্পতি গ্ৰহৰ উপগ্ৰহ গেনিমাইড (Ganymede) সমগ্ৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ (ই বুধ গ্ৰহতকৈও আকাৰত ডাঙৰ)।

Important Points for Quick Revision

  • ​সূৰ্য পৃথিৱীতকৈ ৩.৩ লাখ গুণে ডাঙৰ আৰু পৃথিৱীয়ে সূৰ্যৰ ৰশ্মিৰ মাত্ৰ ২০০ কোটি ভাগৰ এক ভাগহে লাভ কৰে।
  • ​পৃথিৱীৰ পূবা-পশ্চিমা ব্যাস ইয়াৰ উত্তৰা-দক্ষিণা ব্যাসতকৈ ৪২ কিলোমিটাৰ বেছি, যাৰ বাবে পৃথিৱী সম্পূৰ্ণ ঘূৰণীয়া নহয় (Geoid)।
  • ​পৃথিৱীৰ আহ্নিক গতিৰ দিশ পশ্চিমৰ পৰা পূবলৈ, কিন্তু শুক্ৰ গ্ৰহ পৃথিৱীৰ বিপৰীত দিশত ঘূৰে।
  • ​মুঠ দ্ৰাঘিমাৰেখা ৩৬০ ডাল; ১৮০° পূব আৰু ১৮০° পশ্চিম দ্ৰাঘিমাৰেখা প্ৰকৃততে একেডাল ৰেখাহে।
  • ​’নাছা’ৰ (NASA) মতে পৃথিৱীৰ বাৰ্ষিক গতিৰ সঠিক সময় হৈছে ৩৬৫ দিন ৫ ঘণ্টা ৫৬ মিনিট ১৬ ছেকেণ্ড।
  • ​৩ জানুৱাৰীত পৃথিৱী সূৰ্যৰ আটাইতকৈ কাষ চাপে (অনুসূৰ – ১৪৭.৫ নিযুত কি.মি.) আৰু ৪ জুলাইত আটাইতকৈ দূৰলৈ যায় (অপসূৰ – ১৫২ নিযুত কি.মি.)।
  • ​অসমৰ গুৱাহাটীৰ ভৌগোলিক অৱস্থান হ’ল ২৬°১১’ উত্তৰ অক্ষাংশ আৰু ৯১°০৭’ পূব দ্ৰাঘিমাংশ।

1 thought on “SCERT Assam Class 6 Social Science Chapter 1 আমাৰ পৃথিৱী Notes”

Leave a Comment