Site icon parikshaassam.studyblink.com

SCERT Assam Class 6 Social Science Chapter 4 দেশ আৰু মহাদেশ – জাপান Continents and Countries: Japan Complete Study Note

scert social science class 6 chapter 4 Notes

Continuing with our series of complete notes for the SCERT Assam Social Science textbook, today we are sharing an informative study note on SCERT Social Science Class 6 Chapter 4: Continents and Countries: Japan. This post will prove to be highly beneficial for students preparing for the APSC CCE, ADRE Grade III & IV, Assam Police, and Assam TET exams. Knowing the geographical data of the Earth’s continents along with the historical, cultural and economic data of a state like Japan will immensely help you in the GK and World Geography segments of APSC CCE, ADRE Grade III & IV and Assam police exams, TET, etc..

১. বিশ্বৰ মহাদেশসমূহ (Continents of the World)

পৃথিৱীৰ প্ৰধান মহাদেশ সাতখন হ’ল- এছিয়া (Asia), ইউৰোপ (Europe), আফ্ৰিকা (Africa), উত্তৰ আমেৰিকা (North America), দক্ষিণ আমেৰিকা (South America), ওচেনিয়া (Oceania) আৰু এন্টাৰ্কটিকা বা কুমেৰু মহাদেশ (Antarctica)।

পৃথিৱীৰ মুঠ স্থলভাগৰ অধিক অংশই উত্তৰ গোলাৰ্ধত (Northern Hemisphere) অৱস্থিত।

মহাদেশসমূহৰ তুলনামূলক অধ্যয়ন (Comparative Study of Continents)

মহাদেশ (Continent)গুৰুত্বপূৰ্ণ ভৌগোলিক তথ্য (Key Geographical Facts)
এছিয়া (Asia)পৃথিৱীৰ বৃহত্তম মহাদেশ (মুঠ মাটিভাগৰ ১/৩ অংশ)। ইয়াৰ দক্ষিণ অংশৰ মাজেৰে কৰ্কট-ক্ৰান্তি ৰেখা (Tropic of Cancer) গৈছে। উত্তৰ-পশ্চিম অংশত থকা উৰাল পৰ্বতমালাই (Ural Mountains) ইয়াক ইউৰোপৰ পৰা পৃথক কৰিছে।
ইউৰোপ (Europe)এছিয়াতকৈ ভালেখিনি সৰু আৰু ইয়াৰ উত্তৰ অংশৰ মাজেৰে সুমেৰু বৃত্ত (Arctic Circle) গৈছে। আল্পছ (Alps) হ’ল ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পৰ্বতমালা।
আফ্ৰিকা (Africa)দ্বিতীয় সৰ্ববৃহৎ মহাদেশ। একমাত্ৰ মহাদেশ যাৰ মাজেৰে কৰ্কট-ক্ৰান্তি, মকৰ-ক্ৰান্তি (Tropic of Capricorn) আৰু বিষুৱৰেখা (Equator) পাৰ হৈ গৈছে। পৃথিৱীৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি ছাহাৰা (Sahara) আৰু আটাইতকৈ দীঘল নীলনদী (Nile River) ইয়াত অৱস্থিত। চুয়েজ খালে (Suez Canal) এছিয়াৰ পৰা আৰু জিব্ৰাল্টৰ প্ৰণালীয়ে (Strait of Gibraltar) ইউৰোপৰ পৰা ইয়াক পৃথক কৰিছে।
উত্তৰ আমেৰিকা (North America)তৃতীয় বৃহত্তম মহাদেশ। পানামা যোজকৰ (Isthmus of Panama) দ্বাৰা দক্ষিণ আমেৰিকাৰ লগত লগ-লাগি আছে। ৰকি (Rocky) ইয়াৰ উল্লেখযোগ্য পৰ্বতমালা। কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰায় ৭৫% আগুৰি আছে। কেৰিবিয়ান দ্বীপপুঞ্জক ৱেষ্ট-ইণ্ডিজ (West Indies) বুলিও কোৱা হয়।
দক্ষিণ আমেৰিকা (South America)চতুৰ্থ বৃহত্তম মহাদেশ। বিশ্বৰ আটাইতকৈ দীঘল এণ্ডিজ পৰ্বতমালা (Andes) আৰু আটাইতকৈ বহল নদী আমাজন (Amazon) এই মহাদেশতে অৱস্থিত।
ওচেনিয়া (Oceania)আটাইতকৈ সৰু মহাদেশ (সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত)। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ইয়াৰ দুটা প্ৰধান ভূ-খণ্ড। অষ্ট্ৰেলিয়াক দ্বীপ-মহাদেশ (Island Continent) বুলিও কোৱা হয়।
এন্টাৰ্কটিকা (Antarctica)সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত অৱস্থিত আৰু বৰফেৰে আবৃত। ভাৰতৰ তিনিটা গৱেষণা কেন্দ্ৰ আছে: দক্ষিণ গংগোত্ৰী (Dakshin Gangotri), মৈত্ৰী (Maitri), আৰু ভাৰতী (Bharati)। ইয়াৰে মৈত্ৰী আৰু গংগোত্ৰীহে বৰ্তমান কাৰ্যক্ষম হৈ আছে।

ভৌগোলিক সংজ্ঞা (Geographical Definitions):

২. এছিয়া মহাদেশত জাপান (Japan in Asia)

জাপান এছিয়া মহাদেশৰ পূব সীমাত প্ৰশান্ত মহাসাগৰত (Pacific Ocean) অৱস্থিত এখন দ্বীপ-ৰাষ্ট্ৰ।

৩. দেশ হিচাপে জাপানৰ বিশেষত্ব (Specialties of Japan)

৪. জাপানৰ প্ৰাকৃতিক অৱস্থা (Natural Environment)

ক) ভূ-অৱয়ব (Landforms)

খ) জলবায়ু (Climate)

গ) অৰণ্য (Forests)

৫. মেইজী যুগ আৰু তাৰ পৰৱৰ্তী সময়ৰ জাপান (Meiji Era & History)

মেইজী পুনৰুত্থানৰ পাছৰ পৰিৱৰ্তনসমূহ (Changes After Restoration):

গুৰুত্বপূৰ্ণ ঐতিহাসিক বৰ্ষপঞ্জী (Important Historical Timeline):

৬. সমাজ আৰু জনসংখ্যা (Society and Demography)

📌 Visit our main website www.studyblink.com for competitive exam book reviews, exam strategy and pdf download.

৭. উদ্যোগ (Industry)

জাপানৰ অৰ্থনীতি সম্পূৰ্ণৰূপে উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। দেশখনত কেঁচামালৰ (Raw materials) অভাৱ থকা স্বত্বেও ইয়াক আমদানি কৰি জাপান এখন আগশাৰীৰ ঔদ্যোগিক ৰাষ্ট্ৰত পৰিণত হৈছে।

প্ৰধান ঔদ্যোগিক অঞ্চলসমূহ (Major Industrial Regions): ৰাজধানী ট’কিঅ’ৰ পৰা কিউছুৰ উত্তৰ অংশলৈ প্ৰায় ১,০০০ কিলোমিটাৰ জুৰি প্ৰধান ঔদ্যোগিক অঞ্চল বিস্তৃত। ১. ট’কিঅ’-ইয়োক’হামা (Tokyo-Yokohama) ২. ওছাকা-কোবে-কিয়ট’ (Osaka-Kobe-Kyoto) ৩. নগ’য়া (Nagoya) ৪. উত্তৰ-কিউছু (North-Kyushu)

Note: কেইটামান বিখ্যাত কোম্পানী যাৰ মুখ্য কাৰ্যালয় (Main Headquarters) জাপানত অৱস্থিত

  1. Sony
  2. Toyota
  3. Honda
  4. Panasonic
  5. Fujitsu
  6. MUFG (Mitsubishi UFJ Financial Group)
  7. Hitachi
  8. Nissan

১৫ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ (15 Important Practice MCQs)

1. পৃথিৱীৰ একমাত্ৰ মহাদেশ কোনখন যাৰ মাজেৰে কৰ্কট-ক্ৰান্তি, মকৰ-ক্ৰান্তি আৰু বিষুৱৰেখা পাৰ হৈ গৈছে? (Which is the only continent through which the Tropic of Cancer, Tropic of Capricorn, and the Equator pass?)

(A) এছিয়া (Asia)

(B) দক্ষিণ আমেৰিকা (South America)

(C) আফ্ৰিকা (Africa)

(D) উত্তৰ আমেৰিকা (North America)

শুদ্ধ উত্তৰ: (C) আফ্ৰিকা (Africa)

ব্যাখ্যা: আফ্ৰিকা হৈছে পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ মহাদেশ আৰু এইখনেই একমাত্ৰ মহাদেশ যাৰ মাজেৰে কৰ্কট-ক্ৰান্তি, মকৰ-ক্ৰান্তি আৰু বিষুৱৰেখা পাৰ হৈ গৈছে।

​2. তলৰ উক্তিসমূহ বিবেচনা কৰক: (Consider the following statements:)

(i) পানামা যোজকে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাক লগ লগাইছে। (The Isthmus of Panama connects North America and South America.)

(ii) পক্ প্ৰণালীয়ে ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰিছে। (The Palk Strait separates Europe and Africa.)

ওপৰৰ কোনটো/কোনবোৰ উক্তি শুদ্ধ? (Which of the above statement/s is/are correct?)

(A) কেৱল (i) (Only i)

(B) কেৱল (ii) (Only ii)

(C) (i) আৰু (ii) দুয়োটা (Both i and ii)

(D) এটাও নহয় (None of the above)

শুদ্ধ উত্তৰ: (A) কেৱল (i) (Only i)

ব্যাখ্যা: প্ৰথম উক্তিটো শুদ্ধ কাৰণ পানামা যোজকে দুয়োখন আমেৰিকাক লগ লগাইছে। কিন্তু দ্বিতীয় উক্তিটো ভুল, কাৰণ জিব্ৰাল্টৰ প্ৰণালীয়েহে ইউৰোপ আৰু আফ্ৰিকাক পৃথক কৰিছে, পক্ প্ৰণালী ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত।

​3. জাপানৰ প্ৰধান দ্বীপসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি? (What is the name of the largest island among the main islands of Japan?)

(A) হ’কাইডো (Hokkaido)

(B) হন্ছু (Honshu)

(C) ছিক’কু (Shikoku)

(D) কিউছু (Kyushu)

শুদ্ধ উত্তৰ: (B) হন্ছু (Honshu)

ব্যাখ্যা: জাপানৰ চাৰিটা প্ৰধান দ্বীপৰ ভিতৰত হন্ছু আটাইতকৈ ডাঙৰ। ইয়াৰ মাটিকালি প্ৰায় ২,৭৭,৯৬০ বৰ্গ কিলোমিটাৰ।

​4. তলৰ কোনখন পৰ্বতমালাই এছিয়া আৰু ইউৰোপ মহাদেশক পৃথক কৰিছে? (Which of the following mountain ranges separates Asia and Europe continents?)

(A) আল্পছ (Alps)

(B) এণ্ডিজ (Andes)

(C) উৰাল (Ural)

(D) ৰকি (Rocky)

শুদ্ধ উত্তৰ: (C) উৰাল (Ural)

ব্যাখ্যা: এছিয়াৰ উত্তৰ-পশ্চিম অংশত উত্তৰা-দক্ষিণাকৈ অৱস্থিত উৰাল পৰ্বতমালাই এছিয়া আৰু ইউৰোপ মহাদেশক পৃথক কৰিছে।

​5. দাবী (Assertion – A): জাপান এখন ঔদ্যোগিকভাৱে অতি উন্নত ৰাষ্ট্ৰ। (Japan is an industrially highly developed nation.)

কাৰণ (Reason – R): জাপান দেশখন খনিজ আৰু প্ৰাকৃতিক কেঁচামালত অত্যন্ত চহকী। (Japan is extremely rich in mineral and natural raw materials.)

(A) A আৰু R দুয়োটা শুদ্ধ আৰু R, A ৰ সঠিক ব্যাখ্যা। (Both A and R are true and R is the correct explanation of A.)

(B) A আৰু R দুয়োটা শুদ্ধ কিন্তু R, A ৰ সঠিক ব্যাখ্যা নহয়। (Both A and R are true but R is not the correct explanation of A.)

(C) A শুদ্ধ কিন্তু R ভুল। (A is true but R is false.)

(D) A ভুল কিন্তু R শুদ্ধ। (A is false but R is true.)

শুদ্ধ উত্তৰ: (C) A শুদ্ধ কিন্তু R ভুল। (A is true but R is false.)

ব্যাখ্যা: জাপান উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ৰাষ্ট্ৰ (A শুদ্ধ), কিন্তু কেঁচামালৰ ক্ষেত্ৰত দেশখন সিমান চহকী নহয় আৰু প্ৰয়োজনীয় বেছিভাগ কেঁচামালেই অন্য দেশৰ পৰা আমদানি কৰে (R ভুল)।

​6. এন্টাৰ্কটিকা মহাদেশত বৰ্তমান কাৰ্যক্ষম হৈ থকা ভাৰতৰ গৱেষণা কেন্দ্ৰ দুটা কি কি? (What are the two currently operational Indian research stations in Antarctica?)

(A) মৈত্ৰী আৰু ভাৰতী (Maitri and Bharati)

(B) দক্ষিণ গংগোত্ৰী আৰু মৈত্ৰী (Dakshin Gangotri and Maitri)

(C) ভাৰতী আৰু আৰ্যভট্ট (Bharati and Aryabhata)

(D) মৈত্ৰী আৰু দক্ষিণ গংগোত্ৰী (Maitri and Dakshin Gangotri)

শুদ্ধ উত্তৰ: (B) দক্ষিণ গংগোত্ৰী আৰু মৈত্ৰী (Dakshin Gangotri and Maitri)

Note: Although “Bharati” is actually an operational station in reality, Only Maitri and Gangotri are currently operational).

​7. জাপানত ‘মেইজী শাসন’ (Meiji Rule) কেতিয়াৰ পৰা আৰম্ভ হৈছিল? (When did the ‘Meiji Rule’ start in Japan?)

(A) ১৬০৩ (1603)

(B) ১৮৬৮ (1868)

(C) ১৮৮৯ (1889)

(D) ১৯১২ (1912)

শুদ্ধ উত্তৰ: (B) ১৮৬৮ (1868)

ব্যাখ্যা: ১৮৬৮ চনত সমগ্ৰ জাপান দ্বীপপুঞ্জক মেইজী সম্ৰাটে নিজৰ অধীনলৈ আনি টকোগাৱা শাসনৰ (মিলিটাৰী শাসন) ওৰ পেলাই আধুনিক মেইজী শাসন আৰম্ভ কৰে।

📌 Also Read: SCERT Social Science Class 6 Chapter 3 : ভূ-অৱয়ব আৰু মানুহ Complete Notes . Click Here

​8. জাপানৰ মুঠ মাটিকালিৰ কিমান শতাংশ সমতল ভূমিৰে গঠিত? (What percentage of Japan’s total land area consists of flat land/plains?)

(A) ৬৫% (65%)

(B) ২৯% (29%)

(C) ১৫% (15%)

(D) ১২% (12%)

শুদ্ধ উত্তৰ: (C) ১৫% (15%)

ব্যাখ্যা: জাপান এখন পৰ্বত-পাহাৰে আগুৰা দেশ। দেশখনত সমতলৰ পৰিমাণ মুঠ মাটিকালিৰ মাত্ৰ ১৫ শতাংশ। আনহাতে ৬৫ শতাংশ অৰণ্যই আৱৰি আছে।

​9. জাপানৰ সমাজ ব্যৱস্থাৰ প্ৰেক্ষাপটত ‘ইনাকা’ (Inaka) শব্দই কি বুজায়? (In the context of Japanese society, what does the word ‘Inaka’ mean?)

(A) পৰম্পৰাগত ধৰ্ম (Traditional Religion)

(B) সামৰিক প্ৰধান (Military Chief)

(C) গ্ৰাম্যাঞ্চল বা গাঁও (Rural area or village)

(D) আধুনিক বেংক ব্যৱস্থা (Modern banking system)

শুদ্ধ উত্তৰ: (C) গ্ৰাম্যাঞ্চল বা গাঁও (Rural area or village)

ব্যাখ্যা: জাপানৰ গ্ৰাম্যাঞ্চল বা গাঁওক ‘ইনাকা’ বোলে, য’ত পৰম্পৰাগত জীৱন-প্ৰণালীৰ চানেকি পোৱা যায়।

​10. ‘কান্টো’ (Kanto) নামৰ বিখ্যাত সমতল অঞ্চলটো জাপানৰ কোনটো দ্বীপত অৱস্থিত? (In which Japanese island is the famous plain region named ‘Kanto’ located?)

(A) হ’কাইডো (Hokkaido)

(B) হন্ছু (Honshu)

(C) ছিক’কু (Shikoku)

(D) কিউছু (Kyushu)

শুদ্ধ উত্তৰ: (B) হন্ছু (Honshu)

ব্যাখ্যা: কান্টো হৈছে মধ্য জাপানৰ এটা বিখ্যাত সমতল অঞ্চল, যিটো জাপানৰ সৰ্ববৃহৎ দ্বীপ হন্ছুত অৱস্থিত।

​11. জাপানৰ পৰম্পৰাগত ধৰ্মটোৰ নাম কি, যাক দেশখনৰ প্ৰায় ৮০ শতাংশ লোকে মানি চলে? (What is the name of the traditional religion of Japan, followed by about 80% of its people?)

(A) বৌদ্ধ ধৰ্ম (Buddhism)

(B) খ্ৰীষ্টধৰ্ম (Christianity)

(C) ছিন্ত’ (Shinto)

(D) টকোগাৱা (Tokugawa)

শুদ্ধ উত্তৰ: (C) ছিন্ত’ (Shinto)

ব্যাখ্যা: ছিন্ত’ (Shinto) হৈছে জাপানৰ পৰম্পৰাগত ধৰ্ম আৰু দেশখনৰ প্ৰায় ৮০ শতাংশ মানুহে এই ধৰ্ম পালন কৰে।

​12. তলৰ কোনটো ঔদ্যোগিক অঞ্চল জাপানৰ প্ৰধান চাৰিটা ঔদ্যোগিক অঞ্চলৰ ভিতৰত নপৰে? (Which of the following industrial regions does NOT fall under Japan’s four main industrial regions?)

(A) ট’কিঅ’-ইয়োক’হামা (Tokyo-Yokohama)

(B) ওছাকা-কোবে-কিয়ট’ (Osaka-Kobe-Kyoto)

(C) হ’কাইডো-ছাখালিন (Hokkaido-Sakhalin)

(D) উত্তৰ-কিউছু (North-Kyushu)

শুদ্ধ উত্তৰ: (C) হ’কাইডো-ছাখালিন (Hokkaido-Sakhalin)

ব্যাখ্যা: জাপানৰ প্ৰধান ঔদ্যোগিক অঞ্চল চাৰিটা হ’ল- ট’কিঅ’-ইয়োক’হামা, ওছাকা-কোবে-কিয়ট’, নগ’য়া আৰু উত্তৰ-কিউছু।

​13. জাপানৰ ঋতুচক্ৰৰ সন্দৰ্ভত ‘ফল’ (Fall) বুলি কোনটো ঋতুক কোৱা হয়? (In the context of Japan’s seasonal cycle, which season is referred to as ‘Fall’?)

(A) গ্ৰীষ্ম (Summer)

(B) শীত (Winter)

(C) বসন্ত (Spring)

(D) শৰৎ (Autumn)

শুদ্ধ উত্তৰ: (D) শৰৎ (Autumn)

ব্যাখ্যা: শৰৎ কালত (ছেপ্তেম্বৰ-নৱেম্বৰ) গছৰ পাত লাহে লাহে সৰিবলৈ আৰম্ভ কৰে। সেই কাৰণে বছৰৰ এই সময়ছোৱাক ‘ফল’ (Fall) বুলি কোৱা হয়।

​14. জাপানৰ চাৰিসীমাৰ ক্ষেত্ৰত তলৰ কোনটো যোৰা অশুদ্ধ? (Which of the following pairs regarding Japan’s boundaries is incorrect?)

(A) উত্তৰে – ওখ’টস্ক সাগৰ (North – Sea of Okhotsk)

(B) পূবে – প্ৰশান্ত মহাসাগৰ (East – Pacific Ocean)

(C) পশ্চিমে – জাপান সাগৰ (West – Sea of Japan)

(D) দক্ষিণে – কুৰিল দ্বীপ (South – Kuril Islands)

শুদ্ধ উত্তৰ: (D) দক্ষিণে – কুৰিল দ্বীপ (South – Kuril Islands)

ব্যাখ্যা: কুৰিল দ্বীপ জাপানৰ উত্তৰ দিশতহে অৱস্থিত। জাপানৰ দক্ষিণ দিশত টাইৱান আৰু পূব চীন সাগৰ অৱস্থিত।

​15. জাপানৰ জনগাঁথনিৰ সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ? (Which of the following statements is correct regarding Japan’s demographics?)

(A) দেশখনৰ মাত্ৰ ২৯ শতাংশ মানুহে নগৰত বাস কৰে। (Only 29% of the country’s population lives in urban areas.)

(B) ১৪ বছৰ বা তাৰ তলৰ বয়সৰ ল’ৰা-ছোৱালীৰ সংখ্যা মুঠ জনসংখ্যাৰ প্ৰায় ৬৫ শতাংশ। (The number of children aged 14 or below is about 65% of the total population.)

(C) ৬৫ বছৰ বা তাৰ উৰ্দ্ধৰ মানুহে মুঠ জনসংখ্যাৰ প্ৰায় ২৯ শতাংশ নিৰূপণ কৰে। (People aged 65 or above constitute about 29% of the total population.)

(D) জাপানৰ শিক্ষিতৰ হাৰ ৫৯ শতাংশ। (The literacy rate of Japan is 59%.)

শুদ্ধ উত্তৰ: (C) ৬৫ বছৰ বা তাৰ উৰ্দ্ধৰ মানুহে মুঠ জনসংখ্যাৰ প্ৰায় ২৯ শতাংশ নিৰূপণ কৰে। (People aged 65 or above constitute about 29% of the total population.)

ব্যাখ্যা: জাপানত বয়সীয়াল লোকৰ সংখ্যা বেছি, ৬৫ বছৰৰ উৰ্দ্ধৰ লোকে মুঠ জনসংখ্যাৰ ২৯ শতাংশ আগুৰি আছে। ইয়াৰ নগৰীয়া জনসংখ্যা ৯০% আৰু শিক্ষিতৰ হাৰ ৯৯%।

Important Revision Points:

📌 আফ্ৰিকা মহাদেশৰ মাজেৰে কৰ্কট-ক্ৰান্তি, মকৰ-ক্ৰান্তি আৰু বিষুৱৰেখা তিনিওডাল পাৰ হৈ গৈছে।

📌 উৰাল পৰ্বতমালাই এছিয়া আৰু ইউৰোপক পৃথক কৰাৰ বিপৰীতে, পানামা যোজকে দুয়োখন আমেৰিকাক সংযোগ কৰিছে।

📌 জাপান ৪ টা প্ৰধান দ্বীপৰ সমষ্টি; ইয়াৰ ভিতৰত হন্ছু আটাইতকৈ ডাঙৰ (২,৭৭,৯৬০ বৰ্গ কি.মি.)।

📌 জাপানৰ মুঠ মাটিকালিৰ মাত্ৰ ১৫% সমতল ভূমি আৰু প্ৰায় ৬৫% অৰণ্যৰে আৱৰা।

📌 ‘মেইজী’ শব্দৰ অৰ্থ হ’ল আলোকপ্ৰাপ্ত বা জ্ঞানী শাসন (Enlightened Rule), যি ১৮৬৮ চনত আৰম্ভ হৈছিল।

📌 জাপানৰ জনসংখ্যাৰ ৬৫ বছৰ বা তাৰ উৰ্দ্ধৰ বয়সৰ লোকৰ হাৰ ২৯%, যিয়ে বয়োজ্যেষ্ঠ নাগৰিকৰ আধিক্য সূচায়।

📌 জাপানৰ প্ৰায় ৮০% লোকে ‘ছিন্ত’ (Shinto) ধৰ্ম পালন কৰে আৰু ৯৯% লোক শিক্ষিত।

📌 কেঁচামালৰ অভাৱ থকা স্বত্বেও জাপান এক আগশাৰীৰ ঔদ্যোগিক ৰাষ্ট্ৰ, যাৰ প্ৰধান উদ্যোগ মণ্ডল ট’কিঅ’ৰ পৰা কিউছুলৈ বিস্তৃত।

📌Latest Posts

Exit mobile version