Site icon parikshaassam.studyblink.com

SCERT Assam Class 6 Social Science Chapter 3: Landforms and Man (ভূ-অৱয়ব আৰু মানুহ) — Complete Notes for Competitive Exams

scert social science class 6 chapter 3 notes

Here are notes on SCERT Social Science Class 6 Chapter 3, “Landforms and Man,” created exclusively for the Pariksha Assam website. This chapter note will be very helpful to aspirants preparing for various competitive exams conducted in Assam like APSC CCE, ADRE Grade III & IV, Assam Police, Assam TET, etc. You will get an in-depth understanding of all the basic landforms found across the globe and landforms in Assam like Barak Valley, Karbi Plateau, etc. Hence, it will help you score well in the General Knowledge and Geography sections of competitive exams conducted in Assam.

১) ভূ-অৱয়ব (Landforms) আৰু ইয়াৰ প্ৰকাৰ

​ভূ-মানে পৃথিৱী বা মাটি আৰু অৱয়ব মানে গঠন। পৃথিৱীৰ উপৰিভাগ সকলোতে একে নহয়, অতীজৰেপৰা বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকৰ ক্ৰিয়াৰ ফলত ভূ-অৱয়ববোৰে পৰিৱৰ্তনৰ সন্মুখীন হৈ আহিছে। আমি দেখিবলৈ পোৱা ভূ-অৱয়ববোৰ মূলতঃ জলভাগ আৰু স্থলভাগত পোৱা যায়।

​ক) স্থলভাগৰ ভূ-অৱয়ব (Land Landforms)

​স্থলভাগ পৃথিৱীৰ উপৰিভাগৰ এটা গুৰুত্বপূৰ্ণ অংশ যি এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া, আৰু এন্টাৰ্কটিকা মহাদেশক লৈ গঠিত। স্থলভাগৰ ভূ-অৱয়ববোৰক উচ্চতা আৰু ঢালৰ ওপৰত ভিত্তি কৰি তলত দিয়া ধৰণে ভাগ কৰা হয়:

i) পৰ্বত-পাহাৰ (Mountain and Hill):​
ii) মালভূমি (Plateau):​
image- মালভূমি (Plateau)

iii) সমভূমি (Plain):​

iv) মৰুভূমি (Desert):
v) উপত্যকা (Valley):​

খ) জলভাগৰ ভূ-অৱয়ব (Water Landforms)​

পৃথিৱীৰ উপৰিভাগৰ শতকৰা ৭১ ভাগৰো অধিক অংশ পানীয়ে আগুৰি আছে, আৰু ইয়াৰ ৯৭% সাগৰ-মহাসাগৰে আগুৰি আছে।

i) সাগৰ-মহাসাগৰ (Oceans & Seas):

Note: কাস্পিয়ান সাগৰ (Caspian Sea) হ’ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ আবদ্ধ পানীৰ ভাগ বা হ্ৰদ। ইউৰোপ আৰু এছিয়া মহাদেশৰ সংযোগস্থলত অৱস্থিত এই সাগৰৰ সীমান্তৱৰ্তী ৫ খন দেশ হৈছে- ৰাছিয়া, কাজাখস্তান, তুৰ্কমেনিস্তান, ইৰান আৰু আজেৰবাইজান।আনহাতে মধ্য এছিয়াত অৱস্থিত আৰল সাগৰ (Aral Sea) এটা বিখ্যাত আবদ্ধ নিমখীয়া পানীৰ হ্ৰদ। ভৌগোলিকভাৱে ইয়াৰ উত্তৰে কাজাখস্তান আৰু দক্ষিণে উজবেকিস্তান দেশ অৱস্থিত। নামত “সাগৰ” হ’লেও ই আচলতে এটা বিশাল হ্ৰদহে, যিটো এসময়ত পৃথিৱীৰ চতুৰ্থ বৃহত্তম হ্ৰদ আছিল।

ii) নদ-নদী (Rivers):​
iii) সিক্তভূমি বা আৰ্দ্ৰভূমি (Wetland):​
iv) হ্ৰদ (Lake):​
​v)নদী-দ্বীপ (River Island):​

📌 Visit our main website www.studyblink.com for competitive exam book reviews, exam strategy and pdf download.

​২) অসমৰ গুৰুত্বপূৰ্ণ ভূ-অৱয়ব (Key Landforms of Assam)

বৈশিষ্ট্য (Feature)অসমৰ পাহাৰীয়া অঞ্চল (Hill Region)বৰাক উপত্যকা (Barak Valley)
অন্তৰ্গত জিলাসমূহকাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও।কাছাৰ, শ্ৰীভূমি (কৰিমগঞ্জ) আৰু হাইলাকান্দি।
ভৌগোলিক গঠনকাৰ্বি মালভূমিৰ অংশ (যি দাক্ষিণাত্য মালভূমিৰ এক বিস্তাৰিত অংশ)।বৰাক নদী আৰু ইয়াৰ উপনৈসমূহক কেন্দ্ৰ কৰি গঠিত।
সৰ্বোচ্চ শৃংগ/নদীসৰ্বোতোকৈ ওখ পাহাৰ হ’ল বৰাইল।শ্ৰীভূমিৰ হালিটিকালৰ ওচৰত বৰাক নদী কুশিয়াৰা আৰু সুৰমা ভাগত বিভক্ত হয়।
জনগোষ্ঠীকাৰ্বি, ডিমাচা, কুকি, মাৰ আদি।বঙালী, ডিমাছা-কছাৰী, মাৰ, মণিপুৰী, নগা আদি।
কৃষি আৰু সম্পদধান, আদা, হালধি, কফি, ৰবৰ, চাহ। চুণশিল, চীনামাটি, কয়লা আদি খনিজ সম্পদ পোৱা যায়।ধান খেতি আৰু বাগিচা কৃষি (চাহ)। বনজ আৰু খনিজ সম্পদত চহকী।
বিশেষ দ্ৰষ্টব্যপানীমূৰ, ভেলুঘাট জলপ্ৰপাত অৱস্থিত। হাফলং আৰু জাতিংগা পৰ্যটনস্থল।ডিমাচা ভাষাত ‘বুৰা’ (ভাগ হোৱা) আৰু ‘ক্ৰ’ (বৈ যোৱা) মিলি বৰাক শব্দটো আহিছে।

৩. ভূ-অৱয়বৰ ওপৰত জলবায়ুৰ প্ৰভাৱ (Impact of Climate Change)​

কোনো এক অঞ্চলত সচৰাচৰ পৰিলক্ষিত হোৱা উষ্ণতা আৰু বতৰৰ দীৰ্ঘম্যাদী পৰিৱৰ্তনক জলবায়ুৰ পৰিৱৰ্তন বোলা হয়। জীৱাশ্ম ইন্ধন (তেল, কয়লা, গেছ) জ্বলনৰ ফলত এই প্ৰক্ৰিয়া ক্ষিপ্ৰ হৈছে।

​৪) ১৫ টা গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ (15 Important Practice MCQs)

১. পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ কোনখন?

(A) আটলান্টিক মহাসাগৰ

(B) ভাৰত মহাসাগৰ

(C) প্ৰশান্ত মহাসাগৰ

(D) উত্তৰ মহাসাগৰ

শুদ্ধ উত্তৰ: (C) প্ৰশান্ত মহাসাগৰ

ব্যাখ্যা: প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ, যাৰ কালি ১৬৫.২ নিযুত বৰ্গ কিলোমিটাৰ আৰু গভীৰতম অংশ মেৰিয়ানা খাত ইয়াত অৱস্থিত।

​২. অসমৰ পাহাৰীয়া অঞ্চলৰ গঠনৰ সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ?

(i) ই প্ৰধানতঃ কাৰ্বি মালভূমিৰ অংশ।

(ii) কাৰ্বি মালভূমি হৈছে দাক্ষিণাত্য মালভূমিৰ এক বিস্তাৰিত অংশ।

(A) কেৱল (i) শুদ্ধ

(B) কেৱল (ii) শুদ্ধ

(C) (i) আৰু (ii) দুয়োটা শুদ্ধ

(D) এটাও শুদ্ধ নহয়

শুদ্ধ উত্তৰ: (C) (i) আৰু (ii) দুয়োটা শুদ্ধ

ব্যাখ্যা: অসমৰ কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক সামৰি গঠিত পাহাৰীয়া অঞ্চলটো কাৰ্বি মালভূমিৰ অংশ, যিটো প্ৰকৃততে দাক্ষিণাত্য মালভূমিৰ এক বিস্তাৰিত অংশ।

​৩. ‘বৰাক’ শব্দটো কোনটো ভাষাৰ পৰা আহিছে?

(A) বড়ো

(B) ডিমাচা

(C) খাচী

(D) কাৰ্বি

শুদ্ধ উত্তৰ: (B) ডিমাচা

ব্যাখ্যা: বৰাক শব্দটো ডিমাচা ভাষাৰ ‘বুৰা’ (ভাগ হোৱা) আৰু ‘ক্ৰ’ (বৈ যোৱা) শব্দ দুটাৰ পৰা আহিছে।

​৪. দাবী (Assertion – A): পৰ্বত-পাহাৰ অঞ্চলত জনবসতি অতি সেৰেঙা।

কাৰণ (Reason – R): পৰ্বত-পাহাৰ আদি উচ্চভূমিসমূহ শিলাময় আৰু থিয় ঢালযুক্ত হোৱাৰ বাবে ইয়াত কৃষিকাৰ্য আৰু গৃহ নিৰ্মাণৰ বাবে সমান ঠাইৰ অভাৱ।

(A) A আৰু R দুয়োটা শুদ্ধ আৰু R, A ৰ সঠিক ব্যাখ্যা।

(B) A আৰু R দুয়োটা শুদ্ধ কিন্তু R, A ৰ সঠিক ব্যাখ্যা নহয়।

(C) A শুদ্ধ কিন্তু R ভুল।

(D) A ভুল কিন্তু R শুদ্ধ।

শুদ্ধ উত্তৰ: (A) A আৰু R দুয়োটা শুদ্ধ আৰু R, A ৰ সঠিক ব্যাখ্যা।

ব্যাখ্যা: থিয় ঢাল আৰু শিলাময় ভূ-প্ৰকৃতিৰ বাবে পৰ্বত-পাহাৰত কৃষিকাৰ্য আৰু যাতায়াত কষ্টকৰ, সেয়েহে জনবসতি সেৰেঙা হয়।

​৫. তলৰ কোনটো পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ?

(A) কাস্পিয়ান হ্ৰদ

(B) বৈকাল হ্ৰদ

(C) ল’কটক হ্ৰদ

(D) সম্বৰ হ্ৰদ

শুদ্ধ উত্তৰ: (B) বৈকাল হ্ৰদ

ব্যাখ্যা: ৰাছিয়াৰ বৈকাল হ্ৰদ হ’ল পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ।

​৬. ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিস্থল কোনটো হিমবাহ?

(A) গংগোত্ৰী

(B) যমুনোত্ৰী

(C) তামচুক খামবাব

(D) ছিয়াচেন

শুদ্ধ উত্তৰ: (C) তামচুক খামবাব

​৭. তলৰ তালিকাখন মিলাওক:

(a) তিব্বত মালভূমি1. পৃথিৱীৰ গভীৰতম মহাসাগৰীয় খাত
(b) মেৰিয়ানা খাত     2. অসমৰ পাহাৰীয়া অঞ্চলৰ জলপ্ৰপাত
(c) ল’কটক হ্ৰদ   3. পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমি
(d) পানীমূৰ4. মণিপুৰৰ জৈৱ-বৈচিত্ৰ্যপূৰ্ণ হ্ৰদ

(A) a-3, b-1, c-4, d-2

(B) a-1, b-3, c-2, d-4

(C) a-3, b-4, c-1, d-2

(D) a-4, b-1, c-3, d-2

শুদ্ধ উত্তৰ: (A) a-3, b-1, c-4, d-2

ব্যাখ্যা: তিব্বত মালভূমি পৃথিৱীৰ সৰ্বোচ্চ (৪০০০-৬০০০ মিটাৰ), মেৰিয়ানা খাত গভীৰতম অংশ, ল’কটক মণিপুৰৰ হ্ৰদ আৰু পানীমূৰ অসমৰ জলপ্ৰপাত।

​৮. নদীৰ পানী গৈ সাগৰ বা হ্ৰদত মিলিত হোৱা অংশক কি বোলা হয়?

(A) অৱবাহিকা

(B) মোহনা

(C) শাখা নৈ

(D) উৎস

শুদ্ধ উত্তৰ: (B) মোহনা

ব্যাখ্যা: নদী গৈ সাগৰ বা হ্ৰদত মিলিত হোৱা অংশক মোহনা (Estuary) বোলে।

​৯. মৰুভূমি অঞ্চলৰ ভৌগোলিক বৈশিষ্ট্য সন্দৰ্ভত তলৰ কোনটো উক্তি ভুল?

(A) বছৰত ২৫০ মিলিমিটাৰতকৈ কম বৰষুণ হয়।

(B) দিনৰ ভাগত তাপমাত্ৰা অত্যধিক হয় আৰু ৰাতি অতি কম হয়।

(C) জৈৱিক উপাদান তুলনামূলকভাৱে বেছি থাকে।

(D) বেছিকৈ কাঁইটীয়া উদ্ভিদহে পোৱা যায়।

শুদ্ধ উত্তৰ: (C) জৈৱিক উপাদান তুলনামূলকভাৱে বেছি থাকে।

ব্যাখ্যা: মৰুভূমিৰ ভূ-ভাগ বালিয়া আৰু শিলাময় হোৱাৰ বাবে ইয়াত জৈৱিক উপাদান তুলনামূলকভাৱে কম থাকে।

​১০. শ্ৰীভূমি (আগৰ কৰিমগঞ্জ) জিলাৰ হালিটিকাল নামৰ ঠাইৰ ওচৰত বৰাক নদী কোন দুটা ভাগত বিভক্ত হৈছে?

(A) কুশিয়াৰা আৰু সুৰমা

(B) ধনশিৰি আৰু কপিলী

(C) সোৱণশিৰি আৰু পাগলাদিয়া

(D) দিহাং আৰু লোহিত

শুদ্ধ উত্তৰ: (A) কুশিয়াৰা আৰু সুৰমা

ব্যাখ্যা: হালিটিকালৰ ওচৰত বৰাক নদীখন কুশিয়াৰা আৰু সুৰমা এই দুই ভাগত বিভক্ত হয়।

​১১. পৃথিৱীৰ মুঠ জলভাগৰ কিমান শতাংশ সাগৰ-মহাসাগৰে আগুৰি আছে?

(A) ৭১%

(B) ৯৭%

(C) ৫০%

(D) ৭৫%

শুদ্ধ উত্তৰ: (B) ৯৭%

ব্যাখ্যা: পৃথিৱীৰ উপৰিভাগৰ ৭১% পানী, কিন্তু ইয়াৰে মুঠ জলভাগৰ ৯৭ শতাংশই সাগৰ-মহাসাগৰে আগুৰি আছে।

​১২. পাহাৰৰ এঢলীয়া ঢালত হাবি-বন মোকলাই কৰা অস্থায়ী খেতিক কি বোলা হয়?

(A) বাগিচা কৃষি

(B) খলপা-খলপি খেতি

(C) ঝুম খেতি

(D) শস্য আৱৰ্তন

শুদ্ধ উত্তৰ: (C) ঝুম খেতি

ব্যাখ্যা: পাহাৰৰ ঢালত হাবি কাটি কৰা অস্থায়ী খেতিক ঝুম খেতি বোলে।

​১৩. তলৰ কোনখন নদী-দ্বীপ পৃথিৱীৰ অন্যতম বৃহৎ নদী-দ্বীপ হিচাপে পৰিচিত?

(A) ল’কটক

(B) উমিয়াম

(C) মাজুলী

(D) দীপৰ বিল

শুদ্ধ উত্তৰ: (C) মাজুলী

ব্যাখ্যা: অসমৰ মাজুলী পৃথিৱীৰ অন্যতম বৃহৎ নদী-দ্বীপ যি নদীয়ে কঢ়িয়াই অনা পলস জমা হৈ সৃষ্টি হৈছে।

​১৪. মেঘালয় ৰাজ্যত অৱস্থিত দুটা উল্লেখযোগ্য জলপ্ৰপাতৰ নাম কি?

(A) পানীমূৰ আৰু ভেলুঘাট

(B) বিদন আৰু বিচপ

(C) জাতিংগা আৰু হাফলং

(D) মুছৌৰী আৰু কুলু

শুদ্ধ উত্তৰ: (B) বিদন আৰু বিচপ

ব্যাখ্যা: মালভূমিৰ থিয় ঢালত সৃষ্টি হোৱা মেঘালয়ৰ দুটা উল্লেখযোগ্য জলপ্ৰপাত হ’ল বিদন আৰু বিচপ।

​১৫. জলবায়ু পৰিৱৰ্তনৰ ফলত ২০১৯ চনত কোনখন বৃহৎ বৰ্ষাৰণ্য বনজুইৰ কবলত পৰিছিল?

(A) কংগো বৰ্ষাৰণ্য

(B) আমাজন বৰ্ষাৰণ্য

(C) কাজিৰঙা

(D) ছাহাৰা

শুদ্ধ উত্তৰ: (B) আমাজন বৰ্ষাৰণ্য

ব্যাখ্যা: জলবায়ু পৰিৱৰ্তনৰ ফলত ২০১৯ চনত পৃথিৱীৰ হাঁওফাঁও স্বৰূপ আমাজন বৰ্ষাৰণ্য বনজুইৰ কবলত পৰিছিল।

📌Also Read: SCERT Social Science Class 6 Chapter 2 সময় মণ্ডল আৰু মানচিত্ৰ Complete Notes. Click Here

Important Revision Points:

📌 তিব্বত মালভূমি পৃথিৱীৰ সৰ্বোচ্চ মালভূমি (৪০০০-৬০০০ মিটাৰ উচ্চ) আৰু ইয়াক খনিজ সম্পদৰ ভঁৰাল বুলি কোৱা হয়।

​📌 অসমৰ কাৰ্বি আংলং আৰু ডিমা হাচাও জিলা দাক্ষিণাত্য মালভূমিৰ সম্প্ৰসাৰিত অংশ ‘কাৰ্বি মালভূমি’ৰ অন্তৰ্গত।

​📌 অসমৰ পাহাৰীয়া অঞ্চলৰ সৰ্বোচ্চ শৃংগ হ’ল বৰাইল পাহাৰ।

📌 ​বৰাক নদীৰ উচ্চ অংশক ডিমাচাসকলে ‘বুৰাক্ৰ’ বুলি কৈছিল।

​📌 প্ৰশান্ত মহাসাগৰৰ মেৰিয়ানা খাত (Mariana Trench) পৃথিৱীৰ গভীৰতম অংশ (গভীৰতা ১০,৯৮৪ মিটাৰ)।

​📌 কাস্পিয়ান আৰু আৰল সাগৰ হৈছে সম্পূৰ্ণৰূপে মহাদেশৰ ভিতৰভাগত অৱস্থিত সাগৰৰ উদাহৰণ।

​📌 ৰাছিয়াৰ বৈকাল হ্ৰদ পৃথিৱীৰ আটাইতকৈ গভীৰ হ্ৰদ।

​📌 ব্ৰহ্মপুত্ৰ নদী তিব্বতৰ তামচুক খামবাব হিমবাহৰ পৰা উৎপত্তি হৈছে।

📌 ​মৰুভূমিত বাৰ্ষিক বৰষুণৰ পৰিমাণ ২৫০ মিলিমিটাৰতকৈ কম হয়।

Exit mobile version